Blog

টিউটোৰিয়েল আৰু আপডেট

PageMaker টিপছ, typing mode তুলনা, আৰু AxomLipi Pro-ৰ পৰিৱৰ্তনৰ খবৰ

Tutorial

PageMaker 7.0-ত স্ব/ম্ব/ন্ব Conjunct সমস্যা সমাধান কৰক

Fixing risky conjunct corruption when pasting Geetanjali text into PageMaker 7.0
৫ আগষ্ট, ২০২৬ · ৪ মিনিটৰ পঢ়া

PageMaker 7.0-ত Font Converter-ৰ পৰা Geetanjali text paste কৰোঁতে কেতিয়াবা স্ব, ম্ব, ন্ব ৰ দৰে কিছুমান নির্দিষ্ট conjunct ভাঙি যোৱা দেখা যায়। ইয়াৰ কাৰণ আমাৰ converter-ৰ bug নহয় — PageMaker-ৰ নিজৰ RTF import filter-এই এই বাইটবোৰ mutate কৰি পেলায়, paste কৰাৰ সময়তে।

এইটো PageMaker 7.0-ৰ ২৫ বছৰীয়া পুৰণি RTF handling-ৰ এটা সীমাবদ্ধতা — সিধা RTF-ৰ যোগেদি সমাধান কৰিব নোৱাৰি। কিন্তু Font Converter-ত এটা built-in সমাধান আছে।

সমাধান: Risky Conjunct Finder

  1. Unicode → Geetanjali convert কৰাৰ পিছত, output box-ৰ তলত "Risky conjunct words found" বুলি এটা alert দেখা যাব (যদি সেই বিপদজনক conjunct থাকে)।
  2. সেই list-ত থকা শব্দটোত click কৰক — সেয়া clipboard-লৈ safe byte-হিচাপে copy হ'ব।
  3. PageMaker-ত paste কৰাৰ পিছত, সেই নির্দিষ্ট শব্দটো বিচাৰি উলিয়াই, পুৰণিটো মচি নতুনকৈ copy কৰা টোখন paste কৰক।

টোকা: এইটো কেৱল এই তিনি-চাৰিটা নির্দিষ্ট conjunct-ৰ বাবেহে হয় — বাকী সকলো text সাধাৰণতে ঠিকেই paste হয়।

Comparison

Smart Phonetic নে INSCRIPT — কোনটো আপোনাৰ বাবে সঠিক?

Smart Phonetic vs INSCRIPT: which typing mode fits you
২৯ জুলাই, ২০২৬ · ৬ মিনিটৰ পঢ়া

AxomLipi Pro-ত টাইপ কৰাৰ কেইবাটাও mode আছে, কিন্তু প্ৰায়ে সুধা প্ৰশ্নটো হ'ল — Smart Phonetic নে INSCRIPT, কোনটোত আৰম্ভ কৰিব লাগে?

Smart Phonetic

আপুনি ইংৰাজী আখৰেৰে (Roman) শব্দটোৰ উচ্চাৰণ লিখে, app-এ automatic সঠিক অসমীয়া বনাই দিয়ে। যেনে, moi লিখিলে মই ওলায়। কোনো নতুন layout মনত ৰাখিব নালাগে — যিয়ে ইংৰাজী keyboard জানে, সিয়েই তৎক্ষণাত অসমীয়া লিখিব পাৰে।

ভাল কাৰ কাৰণে: নতুন ব্যৱহাৰকাৰী, social media/WhatsApp-ত সোনকালে লিখা, বা যিয়ে কেতিয়াও Inscript শিকা নাই।

INSCRIPT

এইটো ভাৰত চৰকাৰে নির্ধাৰণ কৰা standard keyboard layout — প্ৰতিটো key-ত এটা নির্দিষ্ট অসমীয়া আখৰ বাধা থাকে (যেনে ইংৰাজী QWERTY-ৰ দৰে, কিন্তু অসমীয়া আখৰৰ বাবে)। শিকিবলৈ সময় লাগে, কিন্তু এবাৰ মুখস্থ হ'লে হাত নিজেই চলে — ইয়াৰ speed cap নাই।

ভাল কাৰ কাৰণে: যিসকলে আগৰেই সৰকাৰী office-ত বা DTP-ত Inscript চলাইছে, বা দীৰ্ঘ document নিয়মীয়াকৈ লিখা পেছাদাৰী typist।

নিশ্চিত নহয়? Smart Phonetic-ৰে আৰম্ভ কৰক — শিকাৰ curve নাই, আৰু পিছত ইচ্ছা কৰিলে যিকোনো সময়তে Ctrl+Shift+A বা tray menu ৰে INSCRIPT-লৈ সলনি কৰিব পাৰিব, একেটা app-তে।
Release notes

AxomLipi Pro 1.0.7: PDF Converter আৰু Tray Mode Switch

What's new in v1.0.7 — PDF Converter, tray icon modes, and more
জুলাই, ২০২৬ · ৩ মিনিটৰ পঢ়া

v1.0.7-ত সকলোতকৈ ডাঙৰ addition হ'ল সম্পূৰ্ণ নতুন PDF Converter — scan কৰা বা text PDF-ৰ পৰা পোনপটীয়াকৈ Unicode/Geetanjali-লৈ convert কৰিব পাৰি, page thumbnail, text preview আৰু spell-check সহ।

মুখ্য পৰিৱৰ্তনসমূহ

সম্পূৰ্ণ changelog app-ৰ ভিতৰত Help → Check for Updates ত পোৱা যাব।