AxomLipi Pro — Installer Help Guide
AxomLipi Pro ইনষ্টল কৰোঁতে আৰু License activate কৰোঁতে সহায়। এই পৃষ্ঠাত মাত্ৰ দুটা কথা আছে — Setup কেনেকৈ ইনষ্টল কৰিব, আৰু লাইচেঞ্চ কেনেকৈ এক্টিভেট কৰিব।
💿 ইনষ্টল গাইড · Installation Guide
AxomLipi Pro ইনষ্টল কৰাটো সহজ — তলৰ পদক্ষেপবোৰ অনুসৰণ কৰক। Setup ফাইলটো (AxomLipiPro-Setup.exe) axomlipipro.com ৰ পৰা ডাউনলোড কৰি ডাবল-ক্লিক কৰক।
SP1 থকা সত্বেও যদি পিছৰ পদক্ষেপত .NET Framework 4.8 install কৰোঁতে "A certificate chain processed, but terminated in a root certificate which is not trusted by the trust provider" বুলি error আহে, তেন্তে ২০১৯ চনৰ পিছত Windows Update নচলোৱা পুৰণি Windows 7 ত এইটো সাধাৰণ সমস্যা (Microsoft এ Windows Update ৰ নিৰাপত্তা-পদ্ধতি সলনি কৰাৰ বাবে)। সমাধান কৰিবলৈ তলৰ দুটা update ক্ৰমানুসাৰে (প্ৰথমে ১নং, তাৰ পিছত ২নং) install কৰক, প্ৰতিটোৰ পিছত কম্পিউটাৰ restart কৰি:
- KB4490628 — Servicing Stack Update (2019-03) — 64-bit PC ৰ বাবে "x64-based Systems" ভাৰ্শ্যনটো বাছক
- KB4474419 — SHA-2 Code Signing Support Update (2019-09) — 64-bit PC ৰ বাবে "x64-based Systems" ভাৰ্শ্যনটো বাছক
নিজৰ PC 32-bit নে 64-bit চাবলৈ: একে Control Panel → System পেজতে "System type" ৰ কাষত লিখা থাকে।
পদক্ষেপ ১ — স্বাগতম স্ক্ৰীন
Setup খুলিলে স্বাগতম স্ক্ৰীন ওলায়। আগবাঢ়িবলৈ Next টিপক। (শুদ্ধ ফলাফলৰ বাবে অন্য এপ্বোৰ বন্ধ কৰি লোৱা ভাল।)
পদক্ষেপ ২ — Software টো ইনষ্টল কৰা ঠাই বাছনি
কোন ফোল্ডাৰত ইনষ্টল হ'ব সেইটো দেখুৱায় (সাধাৰণতে C:\Program Files (x86)\AxomLipi Pro)। সলনি কৰিব নিবিচাৰিলে Next টিপক। (প্ৰায় ~500 MB খালী ঠাই লাগে।)
পদক্ষেপ ৩ — Start Menu ফোল্ডাৰ
Start Menu ত শ্বৰ্টকাটৰ নাম। সাধাৰণতে এনেদৰেই ৰাখি Next টিপক।
পদক্ষেপ ৪ — অতিৰিক্ত কাম
দুটা বিকল্প: Desktop ত আইকন বনাওক আৰু Windows আৰম্ভ হ'লে নিজে চলক — দুয়োটা টিক কৰি ৰখাটো পৰামৰ্শ দিয়া হয়। Next টিপক।
পদক্ষেপ ৫ — ইনষ্টল কৰক
আপোনাৰ বাছনিৰ সাৰাংশ দেখি Install টিপক। কেইছেকেণ্ডমানৰ ভিতৰত ফাইলবোৰ কপি হয়।
পদক্ষেপ ৬ — সম্পূৰ্ণ!
ইনষ্টল শেষ হ'লে Finish টিপক। এতিয়া Desktop বা Start Menu ৰ "AxomLipi Pro" আইকনত ক্লিক কৰি এপ্টো খোলক।
⚠️ Windows / Antivirus এ সতৰ্কবাণী দিলে কি কৰিব
AxomLipi Pro একেবাৰে Microsoft ৰ পৰা code-signing certificate ৰে signed নহয় (প্ৰথম অৱস্থাত এটা সৰু software ৰ বাবে certificate টোৰ প্ৰয়োজন নাই আৰু ই যথেষ্ট খৰচী) — সেয়েহে Windows Defender আৰু Antivirus software বোৰে অচিনাক/নতুন software দেখিলেই সাৱধানতাৰ বাবে সতৰ্কবাণী দেখুৱাব পাৰে। এইটো সাধাৰণ কথা আৰু App টো সঁচাকৈ virus/malware নহয় — তলৰ পদক্ষেপবোৰেৰে নিশ্চিন্তে আগবাঢ়িব পাৰে।
1. "Windows protected your PC" (SmartScreen) সতৰ্কবাণী
Setup ফাইল খোলাৰ প্ৰথম মুহূৰ্তত নীলা/বগা এখন স্ক্ৰীনত এইটো ওলাব পাৰে। ইয়াৰ অর্থ কেবল এইটোৱেই যে এই installer টো এতিয়ালৈকে বহুত মানুহে ডাউনলোড কৰা নাই (Microsoft ৰ SmartScreen reputation system এ চিনি পোবা নাই), virus নাই এইটো প্ৰমাণ নহয়।
2. Antivirus / Windows Defender এ "Virus" বা "Threat" বুলি ধৰিলে
কিছুমান উন্নত মানৰ code-protection ব্যৱহাৰ কৰা (piracy ৰোধ কৰিবলৈ) সৰু software-বিলাকত এই ধৰণৰ false positive (ভুল সতৰ্কবাণী) বহুত সঘনাই দেখা পোৱা যায়, কিয়নো antivirus এ "protected/packed" code চিনি পোৱাত অসুবিধা পায়। AxomLipi Pro ৰ ভিতৰত কোনো ধৰণৰ virus, malware বা spyware নাই।
Windows Defender ত Exception যোগ কৰাৰ পদক্ষেপ:
Windows Security খোলক
Start মেনুত "Windows Security" লিখি খোলক, বা Settings → Privacy & security → Windows Security।
Virus & threat protection
"Virus & threat protection" ত ক্লিক কৰক, তাৰ পিছত "Manage settings"।
Exclusions যোগ কৰক
তললৈ scroll কৰি "Exclusions" ৰ তলত "Add or remove exclusions" → "+ Add an exclusion" → "Folder" বাছক।
Install ফোল্ডাৰ বাছক
C:\Program Files (x86)\AxomLipi Pro ফোল্ডাৰটো বাছি দিয়ক (Install কৰাৰ আগতেই setup ফাইলটো block হ'লে, Setup ফাইলটোৰ ঠাইখিনি বা Downloads ফোল্ডাৰটো "File" হিচাপে যোগ কৰক)।
অন্য Antivirus (AVG, Avast, Norton, McAfee আদি) ব্যবহাৰ কৰিলে সাধাৰণতে ইয়াৰ নিজৰ মেনুত Settings → Exceptions/Exclusions/Whitelist নামৰ বিকল্প থাকে — একেই পদ্ধতিৰে ফোল্ডাৰ বা ফাইলটো যোগ কৰক। নিশ্চিত নহ'লে সেই Antivirus ৰ Help/Support চাওক।
3. Windows Firewall ৰ সতৰ্কবাণী
Trial/License পৰীক্ষা কৰিবলৈ AxomLipi Pro ক ইণ্টাৰনেটৰ সংযোগ লাগে, সেয়ে প্ৰথমবাৰ "Windows Defender Firewall has blocked some features" বুলি এটা বাকচ ওলাব পাৰে। "Allow access" (অনুমতি দিয়ক) ক্লিক কৰক — নিদিলে Trial/activation ৰ কাম নকৰিব পাৰে।
4. Install কৰাৰ সময়ত Blue Screen (BSOD) আহিলে
এটা সাধাৰণ installer-এ (ড্ৰাইভাৰ install নকৰা software) সচৰাচৰ Blue Screen নেদেখুৱায় — এইটো সাধাৰণতে Windows/Driver/Hardware সমূহৰ ওপৰত নিৰ্ভৰ কৰে। তথাপিও যদি হয়, এই পদক্ষেপবোৰ অনুসৰণ কৰক:
Restart কৰক
কম্পিউটাৰ স্বাভাৱিকভাবে পুনৰাই আৰম্ভ কৰক — সাধাৰণতে এইটো মাত্ৰ এবাৰৰ বাবে ঘটা সাময়িক সমস্যা।
Windows Update চাওক
Settings → Windows Update ত গৈ সকলো pending update install কৰক — পুৰণি/অসম্পূৰ্ণ Windows-ত এনে সমস্যা বেছি হয়।
Antivirus সাময়িকভাবে বন্ধ কৰি চেষ্টা কৰক
তৃতীয়-পক্ষৰ (AVG, Avast আদি) Antivirus ৰ real-time protection সাময়িকভাবে বন্ধ কৰি আকৌ install কৰি চাওক (Install শেষ হ'লে আকৌ অন কৰি দিয়ক)।
Error code টো টুকি লওক
Blue Screen ত সাধাৰণতে এটা code থাকে (যেন IRQL_NOT_LESS_OR_EQUAL) — এইটোৰ এটা ফটো তুলি ৰাখক, Support ক জনালে সহায় হ'ব।
🔑 লাইচেঞ্চ আৰু এক্টিভেশ্যন · License & Activation
Software টোৱে বিনামূলীয়া ট্ৰায়েল দিয়ে (Activation উইণ্ডোত বাকী থকা দিন দেখুৱায়)। ট্ৰায়েলৰ পিছত ব্যৱহাৰ অব্যাহত ৰাখিবলৈ লাইচেঞ্চ কিনি এক্টিভেট কৰিব লাগিব।
Machine ID কপি কৰক
Activation উইণ্ডোত দেখুওৱা Machine ID টো কাষৰ 📋 বুটামেৰে কপি কৰক। (প্ৰতিটো লাইচেঞ্চ এটা কম্পিউটাৰৰ লগত যুক্ত।)
লাইচেঞ্চ কিনক
Buy License টিপক বা axomlipipro.com ত গৈ কিনক। Machine ID টো দিব লাগিব।
কী দিয়ক
পোৱা License Key টো License Key বাকচত দিয়ক।
এক্টিভেট কৰক
✓ Activate Now ত ক্লিক কৰক। সফল হ'লে সম্পূৰ্ণ সংস্কৰণ খোল খায়।
💬 তথাপিও অসুবিধা হৈছে নেকি?
✉ [email protected] · ☎ +91 93656 70356
Error বাৰ্তা ওলালে তাৰ screenshot (বা বাৰ্তাটো লিখি) পঠাব — তাৰ সৈতে আপোনাৰ Windows ৰ সংস্কৰণ (Windows 7 / 10 / 11) লিখিলে সহজ হয়।
Setup ফাইল: axomlipipro.com · Need help in English? Write to the e-mail above.