← HomeMy Account

AxomLipi Pro — ব্যৱহাৰকাৰীৰ হাতপুথি

অসমীয়া, বেংগলী আৰু হিন্দী টাইপিঙৰ সম্পূৰ্ণ সমাধান। এই সহায়িকাত আপুনি প্ৰতিটো কীবৰ্ড লেআউট, প্ৰতিটো টুল আৰু শ্বৰ্টকাটৰ সম্পূৰ্ণ বিৱৰণ পাব — একেবাৰে নতুন ব্যৱহাৰকাৰীয়েও চাই চাই টাইপ কৰিবলৈ শিকিব পাৰিব।

Windows 10 / 11 সকলো app ত কাম কৰে অফলাইন · প্ৰাইভেট ৭ টা কীবৰ্ড লেআউট

📘 পৰিচয় · Introduction

AxomLipi Pro হৈছে Windows ৰ বাবে এটা সম্পূৰ্ণ অসমীয়া, বেংগলী আৰু হিন্দী টাইপিং Suite। এইটো এটা system-wide keyboard — অৰ্থাৎ Word, Excel, PowerPoint, Photoshop, Illustrator, InDesign, PageMaker, ব্ৰাউজাৰ, Facebook, WhatsApp Web — যিকোনো এপ্লিকেশ্যনতে একে দৰে কাম কৰে।

এটাই software ত আপুনি পাব:

  • ৭ টা কীবৰ্ড লেআউট — অসমীয়া/বেংগলী Inscript, অসমীয়া Unicode, অসমীয়া Smart Phonetic, অসমীয়া/বেংগলী Linguistic, হিন্দী Inscript, হিন্দী Unicode, হিন্দী Phonetic।
  • ভইচ টাইপিং — মাইক্ৰোফোনত কথা কৈ লিখা (Whisper AI, অফলাইন)।
  • ফন্ট কনভাৰ্টাৰ — Unicode ↔ গীতাঞ্জলি লিগ্যাচী ফন্ট দুয়োফালে ৰূপান্তৰ (PageMaker ৰ বাবে)।
  • PDF কনভাৰ্টাৰ — PDF ফাইল Unicode/গীতাঞ্জলিলৈ ৰূপান্তৰ (টেক্সট-লেয়াৰ + OCR দুয়ো)।
  • বানান পৰীক্ষক + AI ব্যাকৰণ সংশোধন
  • ছবিৰ পৰা লিখা (OCR), অনুবাদক, ব্ৰাউজাৰ, নোটপেড, ক্লিপবৰ্ড ইতিহাস আদি।
💡 পৰামৰ্শ: আপুনি নতুন হ'লে প্ৰথমে Smart Phonetic মোড ব্যৱহাৰ কৰক — ইংৰাজীত উচ্চাৰণ অনুসৰি লিখিলেই অসমীয়া হৈ যায় (যেনে moiমই)। অভ্যস্ত হ'লে Inscript বা Unicode লেআউট ব্যৱহাৰ কৰিব পাৰে।

💿 ইনষ্টল গাইড · Installation Guide

AxomLipi Pro ইনষ্টল কৰাটো সহজ — তলৰ পদক্ষেপবোৰ অনুসৰণ কৰক। Setup ফাইলটো (AxomLipiPro-Setup.exe) axomlipipro.com ৰ পৰা ডাউনলোড কৰি ডাবল-ক্লিক কৰক।

পদক্ষেপ ১ — স্বাগতম স্ক্ৰীন

Setup খুলিলে স্বাগতম স্ক্ৰীন ওলায়। আগবাঢ়িবলৈ Next টিপক। (শুদ্ধ ফলাফলৰ বাবে অন্য এপ্‌বোৰ বন্ধ কৰি লোৱা ভাল।)

Welcome screen
চিত্ৰ ১: স্বাগতম স্ক্ৰীন — Next টিপক।

পদক্ষেপ ২ — Software টো ইনষ্টল কৰা ঠাই বাছনি

কোন ফোল্ডাৰত ইনষ্টল হ'ব সেইটো দেখুৱায় (সাধাৰণতে C:\Program Files (x86)\AxomLipi Pro)। সলনি কৰিব নিবিচাৰিলে Next টিপক। (অলপ ~455 MB খালী ঠাই লাগে।)

Select destination
চিত্ৰ ২: ইনষ্টল ঠাই — Next

পদক্ষেপ ৩ — Start Menu ফোল্ডাৰ

Start Menu ত শ্বৰ্টকাটৰ নাম। সাধাৰণতে এনেদৰেই ৰাখি Next টিপক।

Start Menu folder
চিত্ৰ ৩: Start Menu ফোল্ডাৰ — Next

পদক্ষেপ ৪ — অতিৰিক্ত কাম

দুটা বিকল্প: Desktop ত আইকন বনাওক আৰু Windows আৰম্ভ হ'লে নিজে চলক — দুয়োটা টিক কৰি ৰখাটো পৰামৰ্শ দিয়া হয়। Next টিপক।

Additional tasks
চিত্ৰ ৪: অতিৰিক্ত কাম — দুয়োটা টিক ৰাখক।

পদক্ষেপ ৫ — ইনষ্টল কৰক

আপোনাৰ বাছনিৰ সাৰাংশ দেখি Install টিপক। কেইছেকেণ্ডমানৰ ভিতৰত ফাইলবোৰ কপি হয়।

Ready to install
চিত্ৰ ৫: সাৰাংশ — Install টিপক।
Installing progress
চিত্ৰ ৬: ইনষ্টল চলি আছে…

পদক্ষেপ ৬ — সম্পূৰ্ণ!

ইনষ্টল শেষ হ'লে Finish টিপক। এতিয়া Desktop বা Start Menu"AxomLipi Pro" আইকনত ক্লিক কৰি এপ্‌টো খোলক।

Installation complete
চিত্ৰ ৭: ইনষ্টল সম্পূৰ্ণ — Finish টিপক।
✅ পৰৱৰ্তী: প্ৰথমবাৰ খুলিলে ১৪ দিনৰ বিনামূলীয়া ট্ৰায়েল আৰম্ভ হয়। চাওক আৰম্ভ কৰক

⚠️ Windows / Antivirus এ সতৰ্কবাণী দিলে কি কৰিব

AxomLipi Pro একেবাৰে Microsoft ৰ পৰা code-signing certificate ৰে signed নহয় (প্ৰথম অৱস্থাত এটা সৰু software ৰ বাবে certificate টোৰ প্ৰয়োজন নাই আৰু ই যথেষ্ট খৰচী) — সেয়েহে Windows Defender আৰু Antivirus software বোৰে অচিনাক/নতুন software দেখিলেই সাৱধানতাৰ বাবে সতৰ্কবাণী দেখুৱাব পাৰে। এইটো সাধাৰণ কথা আৰু App টো সঁচাকৈ virus/malware নহয় — তলৰ পদক্ষেপবোৰেৰে নিশ্চিন্তে আগবাঢ়িব পাৰে।

1. "Windows protected your PC" (SmartScreen) সতৰ্কবাণী

Setup ফাইল খোলাৰ প্ৰথম মুহূৰ্তত নীলা/বগা এখন স্ক্ৰীনত এইটো ওলাব পাৰে। ইয়াৰ অর্থ কেবল এইটোৱেই যে এই installer টো এতিয়ালৈকে বহুত মানুহে ডাউনলোড কৰা নাই (Microsoft ৰ SmartScreen reputation system এ চিনি পোবা নাই), virus নাই এইটো প্ৰমাণ নহয়।

সমাধান: সতৰ্কবাণী বাকচটোৰ "More info" (অধিক তথ্য) ত ক্লিক কৰক, তাৰ পিছত ওলোৱা "Run anyway" (তথাপিও চলাওক) বুটামত ক্লিক কৰক।

2. Antivirus / Windows Defender এ "Virus" বা "Threat" বুলি ধৰিলে

কিছুমান উন্নত মানৰ code-protection ব্যৱহাৰ কৰা (piracy ৰোধ কৰিবলৈ) সৰু software-বিলাকত এই ধৰণৰ false positive (ভুল সতৰ্কবাণী) বহুত সঘনাই দেখা পোৱা যায়, কিয়নো antivirus এ "protected/packed" code চিনি পোৱাত অসুবিধা পায়। AxomLipi Pro ৰ ভিতৰত কোনো ধৰণৰ virus, malware বা spyware নাই।

Windows Defender ত Exception যোগ কৰাৰ পদক্ষেপ:

Windows Security খোলক

Start মেনুত "Windows Security" লিখি খোলক, বা Settings → Privacy & security → Windows Security।

Virus & threat protection

"Virus & threat protection" ত ক্লিক কৰক, তাৰ পিছত "Manage settings"

Exclusions যোগ কৰক

তললৈ scroll কৰি "Exclusions" ৰ তলত "Add or remove exclusions""+ Add an exclusion""Folder" বাছক।

Install ফোল্ডাৰ বাছক

C:\Program Files (x86)\AxomLipi Pro ফোল্ডাৰটো বাছি দিয়ক (Install কৰাৰ আগতেই setup ফাইলটো block হ'লে, Setup ফাইলটোৰ ঠাইখিনি বা Downloads ফোল্ডাৰটো "File" হিচাপে যোগ কৰক)।

যদি ফাইলটো Quarantine (আঁতৰাই) হৈ গৈছে: Virus & threat protection → Protection history ত গৈ AxomLipi Pro/Setup ফাইলটো বিচাৰি "Restore" ক্লিক কৰক।

অন্য Antivirus (AVG, Avast, Norton, McAfee আদি) ব্যবহাৰ কৰিলে সাধাৰণতে ইয়াৰ নিজৰ মেনুত Settings → Exceptions/Exclusions/Whitelist নামৰ বিকল্প থাকে — একেই পদ্ধতিৰে ফোল্ডাৰ বা ফাইলটো যোগ কৰক। নিশ্চিত নহ'লে সেই Antivirus ৰ Help/Support চাওক।

3. Windows Firewall ৰ সতৰ্কবাণী

Trial/License পৰীক্ষা কৰিবলৈ AxomLipi Pro ক ইণ্টাৰনেটৰ সংযোগ লাগে, সেয়ে প্ৰথমবাৰ "Windows Defender Firewall has blocked some features" বুলি এটা বাকচ ওলাব পাৰে। "Allow access" (অনুমতি দিয়ক) ক্লিক কৰক — নিদিলে Trial/activation ৰ কাম নকৰিব পাৰে।

4. Install কৰাৰ সময়ত Blue Screen (BSOD) আহিলে

এটা সাধাৰণ installer-এ (ড্ৰাইভাৰ install নকৰা software) সচৰাচৰ Blue Screen নেদেখুৱায় — এইটো সাধাৰণতে Windows/Driver/Hardware সমূহৰ ওপৰত নিৰ্ভৰ কৰে। তথাপিও যদি হয়, এই পদক্ষেপবোৰ অনুসৰণ কৰক:

Restart কৰক

কম্পিউটাৰ স্বাভাৱিকভাবে পুনৰাই আৰম্ভ কৰক — সাধাৰণতে এইটো মাত্ৰ এবাৰৰ বাবে ঘটা সাময়িক সমস্যা।

Windows Update চাওক

Settings → Windows Update ত গৈ সকলো pending update install কৰক — পুৰণি/অসম্পূৰ্ণ Windows-ত এনে সমস্যা বেছি হয়।

Antivirus সাময়িকভাবে বন্ধ কৰি চেষ্টা কৰক

তৃতীয়-পক্ষৰ (AVG, Avast আদি) Antivirus ৰ real-time protection সাময়িকভাবে বন্ধ কৰি আকৌ install কৰি চাওক (Install শেষ হ'লে আকৌ অন কৰি দিয়ক)।

Error code টো টুকি লওক

Blue Screen ত সাধাৰণতে এটা code থাকে (যেন IRQL_NOT_LESS_OR_EQUAL) — এইটোৰ এটা ফটো তুলি ৰাখক, Support ক জনালে সহায় হ'ব।

এতিয়াও সমস্যা থাকিলে: আমাক ফোন/WhatsApp (+91 93656 70356) বা [email protected] ত জনাওক — Windows ৰ সংস্কৰণ, Error code, আৰু কেতিয়া (কোন পদক্ষেপত) হৈছিল সেইটো লগত দিব।

🚀 আৰম্ভ কৰক · Getting Started

এপ্‌টো খুলিলে এই মূল উইণ্ডো (Home screen) দেখিব — ওপৰত Language Mode, মাজত Keyboard Mode কাৰ্ড, আৰু তলত Quick Tools

Splash screen
Splash Screen: AxomLipi Pro আৰম্ভ হোৱাৰ সময়ত দেখা যোৱা স্বাগতম স্ক্ৰীন।

ওপৰৰ অংশ (Header)

  • বাওঁফালে এতিয়া কোনটো মোড ACTIVE আৰু Trial কেইদিন বাকী।
  • Turn OFF AS/Bengali/Hindi Toggle Button — Ctrl + Space ৰ সমান (ON/OFF)।
  • Language Bar Toggle — F9 Shrtcut Key।
  • সোঁফালে Dark Mode বুটাম (থিম সলনি)।

Tools Hide / Unhide — তলৰফালে Curve Shape ত থকা বুটাম

মূল উইণ্ডোৰ মাজত তলৰ ফালে এটা বেঁকা (curve) আকৃতিৰ বুটাম (গোলাকাৰ ⌄ / ⌃ Arrow/কাঁড়ৰ নিচিনা) থাকে। ইয়াত টিপিলে তলৰ Quick Tools অংশটো ওলায়; আকৌ টিপিলে লুকাই যায় — যাতে স্ক্ৰীন সৰু আৰু পৰিষ্কাৰ ৰাখিব পাৰে।

Home screen collapsed
১. সংকুচিত ৰূপ (Collapsed): কেৱল Keyboard Mode কাৰ্ডবোৰ দেখা যায়। তলৰ গোলাকাৰ (তলমুৱা Arrow/কাঁড়) বুটামত টিপিলে Tools ওলায়।
Home screen expanded
২. খোলা ৰূপ (Expanded): একেই বুটামত আকৌ টিপিলে তলত Quick Tools ওলায় — Typing, Voice Typing, Converter, Spell Checker, OCR, Translator, Browser, Notepad, Clipboard আদি। Arrow/কাঁড়ডাল এতিয়া (ওপৰমুৱা) হয়; পুনৰ টিপিলে লুকাই যায়।
মনত ৰাখিব: মোড বাছনি কৰিবলৈ মাজৰ Keyboard Mode কাৰ্ডত ক্লিক কৰক; টুল খুলিবলৈ আগেয়ে curve বুটামেৰে Quick Tools দেখুৱাই লওক (বা ওপৰৰ মেনু — Tools, Keyboard, View — ব্যৱহাৰ কৰক)।

🚀 সাৰাংশ — ৫ পদক্ষেপত আৰম্ভ কৰক

ইনষ্টল কৰক

Setup ফাইলত ডাবল-ক্লিক কৰি AxomLipi Pro ইনষ্টল কৰক। ইনষ্টলৰ পিছত ই Windows আৰম্ভ হোৱাৰ লগে লগে নিজে চলিবলৈ ধৰে।

ট্ৰে আইকন বিচাৰক

এপটো চলি থাকিলে ই ঘড়ীৰ ওচৰত (screen ৰ তলৰ সোঁফালে, system tray ত) এটা সৰু আইকন হিচাপে থাকে। আইকনত ক্লিক কৰিলে মূল উইণ্ডো খোল খায়।

মোড বাছনি কৰক

মূল উইণ্ডোত থকা Keyboard Mode কাৰ্ডবোৰৰ পৰা আপোনাৰ পচন্দৰ লেআউট (Inscript / Linguistic / Unicode / Smart Phonetic আদি) বাছি লওক।

অন/অফ কৰক

যিকোনো ঠাইত Ctrl + Space টিপি অসমীয়া/বেংগলী/হিন্দী আৰু ইংৰাজীৰ মাজত সলনি কৰক। ভাঁহি থকা ভাষা বাৰে (Language Bar) কোনটো মোড সক্ৰিয় সদাই দেখুৱায়।

টাইপ কৰক!

এতিয়া Word, ব্ৰাউজাৰ বা যিকোনো এপ্‌ত গৈ লিখিবলৈ আৰম্ভ কৰক।

System Tray মেনু

ঘড়ীৰ ওচৰৰ (system tray) AxomLipi Pro আইকনত ৰাইট-ক্লিক কৰিলে এই দ্ৰুত মেনুখন ওলায় — ইয়াৰ পৰা মূল উইণ্ডো নোখোলাকৈ যিকোনো টুল বা মোড (শ্বৰ্টকাটসহ) খুলিব পাৰে। Keyboard Mode ৰ ওপৰত মাউছ ৰাখিলে ৭টা মোডৰ এটা sub-menu হ'ভাৰ কৰি খোল খায়। মেনুখনত এতিয়া PDF Converter, AI Spell & Grammar Check, Clipboard History আৰু Notepad ও যোগ কৰা হৈছে।

ℹ নতুন: System Tray ৰ আইকনটোও এতিয়া বৰ্তমান সক্ৰিয় মোড অনুসৰি সলনি হয় (Language Bar ৰ আইকনৰ সৈতে মিলি) — এবাৰ চাই মোড কি আছে বুজিব পাৰি।
System tray menu
Tray মেনু: Home Screen · Toggle Assamese (Ctrl+Space) · Voice Typing · Font Converter · Offline Spell Checker · Image to Text · Translator · Browser · Help & Support (F1) · Tools & Settings (Ctrl+,) · Exit (Ctrl+Q) — প্ৰতিটোৰ কাষত তাৰ শ্বৰ্টকাট দিয়া আছে।
ℹ প্ৰথমবাৰৰ ট্ৰায়েল: Software টোৱে ১৪ দিনৰ বিনামূলীয়া ট্ৰায়েল দিয়ে। ট্ৰায়েলৰ পিছত ব্যৱহাৰ অব্যাহত ৰাখিবলৈ লাইচেঞ্চ এক্টিভেট কৰিব লাগিব — চাওক লাইচেঞ্চ আৰু এক্টিভেশ্যন

🪧 ভাষা বাৰ আৰু মোড সলনি · Language Bar & Mode Switching

স্ক্ৰীনত সদায় ভাঁহি থকা এডাল সৰু Language Bar এ দেখুৱায় এতিয়া কোন ভাষা/মোড সক্ৰিয় হৈ আছে। আপুনি ইয়াক টানি (drag) যিকোনো ঠাইত ৰাখিব পাৰে, আৰু এক ক্লিকতে মোড সলনি কৰিব পাৰে।

Language bar expanded
Language Bar (খোলা): বাওঁফালে সক্ৰিয় মোড (AsUni / অসমীয়া), ⇄ English টগল, Keyboard Mode তালিকা, Word Suggestion অন/অফ, আৰু সোঁফালে দ্ৰুত আইকন — 🏠 Home · 🎤 Voice · 📋 টুল · ⚙ Settings · 🌙 থিম · 📌 Always-on-Top।
Language bar collapsed
সংকুচিত ৰূপ: সৰু ‘অ’ আইকনলৈ সৰু কৰি থ'ব পাৰে; টিপিলে আকৌ খোল খায়।
কামশ্বৰ্টকাট
অসমীয়া/বেংগলী/হিন্দী টগল (অন/অফ)Ctrl + Space
অসমীয়া Unicode মোডShift + Ctrl + Alt + U
অসমীয়া/বেংগলী Inscript (গীতাঞ্জলি)Shift + Ctrl + Alt + A
অসমীয়া Smart PhoneticShift + Ctrl + Alt + P
হিন্দী InscriptShift + Ctrl + Alt + H
হিন্দী UnicodeCtrl + Alt + U
হিন্দী PhoneticCtrl + Alt + P
অসমীয়া/বেংগলী LinguisticShift + Ctrl + Alt + L
ভাষা বাৰ দেখুৱাওক/লুকুৱাওকF9
🪄 স্বয়ংক্ৰিয় মোড: AxomLipi Pro এ আপুনি কোন এপ্‌ত আছে সেইটো চাই উপযুক্ত মোড নিজেই বাছিব পাৰে — যেনে PageMaker খুলিলে গীতাঞ্জলি, Word/ব্ৰাউজাৰ খুলিলে Unicode। আপুনি বিচাৰিলে সদায় হাতেৰে মোড সলনি কৰিব পাৰে।

⌨️ ৭টা টাইপিং মোড · The Seven Modes

আপোনাৰ পছন্দ আৰু অভ্যাস অনুসৰি যিকোনো মোড বাছি লওক। তলত প্ৰতিটোৰ চমু পৰিচয় দিয়া হ'ল; তাৰ পিছত প্ৰতিটোৰ সম্পূৰ্ণ কীবৰ্ড লেআউট দিয়া আছে।

অসমীয়া Inscript

গীতাঞ্জলি / লিগ্যাচী ফন্ট · PageMaker

চৰকাৰী INSCRIPT লেআউট। প্ৰতিটো কীত এটা নিৰ্দিষ্ট অসমীয়া আখৰ। DTP/ডিজাইনাৰৰ বাবে আদৰ্শ।

অসমীয়া Unicode

সকলো আধুনিক ষ্টাইলিছ ফন্ট

একেই INSCRIPT লেআউট, কিন্তু আউটপুট আধুনিক Unicode — Facebook, Word, ব্ৰাউজাৰ আদি সকলোতে চলে।

SMS

অসমীয়া Smart Phonetic

SMS ষ্টাইল · যেনে moi → মই

ইংৰাজীত উচ্চাৰণ অনুসৰি লিখক, আখৰে আখৰে তৎক্ষণাৎ অসমীয়া ওলায়। নতুন ব্যৱহাৰকাৰীৰ বাবে আটাইতকৈ সহজ। ইয়াৰ ভিতৰতে দুটা key layout বাছি ল'ব পাৰি — SMS style (ডিফল্ট, সাধাৰণ শব্দৰ অভিধান সহ) আৰু Classic Phonetic (Avro-style, শুদ্ধ letter-by-letter, dictionary নাই) — তলত বিতং।

ভা

অসমীয়া/বেংগলী Linguistic

Bijoy-style · অসমীয়া & বেংগলী লিগ্যাচী ফন্ট

Bijoy-style লিগ্যাচী লেআউট — অসমীয়া আৰু বেংগলী উভয় ভাষাৰ পুৰণি ফন্ট (Geetanjali) ৰ বাবে উপযুক্ত।

হিন্দী Inscript

পুৰণি হিন্দী ফন্ট · চৰকাৰী লেআউট

চৰকাৰী হিন্দী INSCRIPT কীবৰ্ড — অভ্যস্ত টাইপিষ্ট আৰু চৰকাৰী কামৰ বাবে।

হিন্দী Unicode

সকলো আধুনিক হিন্দী ফন্ট

একেই INSCRIPT লেআউট, আউটপুট আধুনিক দেৱনাগৰী Unicode।

হিন্দী Phonetic

Roman → Devanagari · namaste → नमस्ते

ইংৰাজীত উচ্চাৰণ লিখক, হিন্দী পাওক।

🅰️ অসমীয়া/বেংগলী Inscript লেআউট

Inscript মোডত কীবৰ্ডৰ প্ৰতিটো কীত এটা নিৰ্দিষ্ট অসমীয়া আখৰ fix হৈ থাকে। তলৰ ছবি দুখন চাই কোন কীত কি আখৰ আছে শিকি লওক — NORMAL (Normal কী টিপিলে) আৰু SHIFT (Shift ধৰি টিপিলে)।

প্ৰতিটো কীত: ওপৰৰ বাওঁফালে ইংৰাজী কী, মাজত NORMAL আখৰ, ওপৰৰ সোঁফালে সৰুকৈ SHIFT আখৰ

NORMAL Shift নধৰাকৈ কী টিপক
SHIFT Shift ধৰি টিপক
NORMAL আখৰ SHIFT আখৰ LINK কী (যুক্তাক্ষৰ)

🔗 LINK কী — যুক্তাক্ষৰ কেনেকৈ বনায়

D কী হৈছে LINK (সংযোগ) কী — দুটা ব্যঞ্জনক যুক্ত কৰি যুক্তাক্ষৰ বনাবলৈ ইয়াক ব্যৱহাৰ কৰা হয় (ভিতৰত ই হসন্ত বহুৱায়)। দুটা ব্যঞ্জনৰ মাজত LINK কী টিপক:

আপুনি টিপকফলউদাহৰণ
H + D + Jপ + ্ + ৰ = প্ৰপ্ৰথম
K + D + 'ক + ্ + ট = ক্টডক্টৰ
K + D + Mক + ্ + স = ক্সটেক্সট
মনত ৰাখিব: এই layout খনত '+' চিহ্নই LINK কীক বুজায়। যিকোনো দুটা ব্যঞ্জনৰ মাজত D টিপিলেই সিহঁত যুক্ত হয়।

✍️ উদাহৰণ — শব্দ এটা কেনেকৈ লিখিব

শব্দকী ক্ৰম (Inscript)
অসমShift+D M Cঅ + স + ম
কিতাপK F L E Hক+ি+ত+া+প
প্ৰথমH D J L Cপ্ৰ+থ...
📌 আউটপুট: Inscript মোডে লিগ্যাচী গীতাঞ্জলি ফন্টৰ বাবে উপযুক্ত byte পঠায় — মূলতঃ PageMaker 6.5/7.0 ৰ দৰে DTP software ৰ বাবে। আধুনিক এপ্‌ (Word, Facebook) ৰ বাবে অসমীয়া Unicode মোড ব্যৱহাৰ কৰক — কীৰ অৱস্থান একেই, কেৱল আউটপুট সলনি।

🅱️ অসমীয়া/বেংগলী Linguistic লেআউট

Linguistic মোড হৈছে Bijoy-style পুৰণি লিগ্যাচী ফন্টৰ বাবে তৈয়াৰ কৰা কীবৰ্ড লেআউট। এই মোড অসমীয়া আৰু বেংগলী উভয়ৰ বাবে ব্যৱহাৰ কৰিব পাৰি। তলৰ ছবি দুখন চাই কোন কীত কি আখৰ আছে শিকি লওক — NORMAL (শুধু কী টিপিলে) আৰু SHIFT (Shift ধৰি টিপিলে)।

প্ৰতিটো কীত: ওপৰৰ বাওঁফালে ইংৰাজী কী, মাজত NORMAL আখৰ, ওপৰৰ সোঁফালে সৰুকৈ SHIFT আখৰ

NORMAL Shift নধৰাকৈ কী টিপক
SHIFT Shift ধৰি টিপক
NORMAL আখৰ SHIFT আখৰ LINK কী (যুক্তাক্ষৰ)

🔗 LINK কী — যুক্তাক্ষৰ কেনেকৈ বনায়

D কী হৈছে LINK (সংযোগ) কী — দুটা ব্যঞ্জনক যুক্ত কৰি যুক্তাক্ষৰ বনাবলৈ ইয়াক ব্যৱহাৰ কৰা হয় (ভিতৰত ই হসন্ত বহুৱায়)। দুটা ব্যঞ্জনৰ মাজত LINK কী টিপক:

আপুনি টিপকফলউদাহৰণ
S + D + Fক + ্ + ত = ক্তৰক্ত
W + D + Jপ + ্ + ৰ = প্ৰপ্ৰথম

✍️ কাৰসমূহ — NORMAL মোডত

G

ি (ই-কাৰ)

চুটি ই স্বৰৰ কাৰ — যেনে কিতাপ।

K

া (আ-কাৰ)

দীঘল আ স্বৰৰ কাৰ — যেনে কাম, খাজানা।

H

ী (ঈ-কাৰ)

দীঘল ঈ স্বৰৰ কাৰ — যেনে নদী।

B

ু (উ-কাৰ)

চুটি উ স্বৰৰ কাৰ — যেনে কুকুৰ।

N

ূ (ঊ-কাৰ)

দীঘল ঊ স্বৰৰ কাৰ — যেনে ভূমি।

L

ে (এ-কাৰ)

এ স্বৰৰ কাৰ — যেনে ঠেলা, দেশ।

Y

ৗ (দীঘল চিহ্ন অংশ)

নিজে ব্যৱহাৰ নহয় — L ৰ পিছত টিপিলে ে + ৗ = ৌ (ঔ-কাৰ) হয়।

P

ৈ (ঐ-কাৰ)

ঐ স্বৰৰ কাৰ — যেনে বৈঠক।

💡 অ-কাৰ (ো): এতিয়া পৃথক কী নাই — L (ে) ৰ পিছত K (া) টিপিলে ে + া = ো (অ-কাৰ) নিজে গঠন হয়।
📌 আউটপুট: Linguistic মোডে লিগ্যাচী ফন্টৰ বাবে উপযুক্ত byte পঠায় — অসমীয়া আৰু বেংগলী Geetanjali/Bijoy style ফন্টৰ সৈতে কাম কৰে। আধুনিক এপ্‌ (Word, Whatsapp, Facebook) ৰ বাবে অসমীয়া Unicode মোড ব্যৱহাৰ কৰক।
💡 সক্ৰিয় কৰিবলৈ: Shift + Ctrl + Alt + L টিপক বা মূল উইণ্ডোৰ Keyboard Mode ৰ পৰা AS/BN Linguistic বাছি লওক।

🅰️ অসমীয়া Unicode লেআউট

অসমীয়া Unicode মোডৰ কীবৰ্ড লেআউট অবিকল Inscript ৰ দৰেই — প্ৰতিটো কীৰ অৱস্থান একে। পাৰ্থক্য কেৱল এটা: ইয়াৰ আউটপুট আধুনিক Unicode, গতিকে ই Facebook, WhatsApp, MS Word, Photoshop, ব্ৰাউজাৰ আদি সকলো আধুনিক এপ্‌ত নিখুঁতভাৱে চলে।

NORMAL Shift নধৰাকৈ কী টিপক
SHIFT Shift ধৰি টিপক

অসমীয়া সংখ্যা

Unicode মোডত সংখ্যাৰ শাৰীয়ে স্বয়ংক্ৰিয়ভাৱে অসমীয়া সংখ্যা দিয়ে — ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ০। (Inscript/গীতাঞ্জলি মোডত সাধাৰণ 1-0 থাকে।)

🔗

LINK কী একেই

যুক্তাক্ষৰৰ বাবে D (LINK / ) কী Inscript ৰ দৰেই কাম কৰে।

💡 Live Word Suggestion বাৰ: টাইপ কৰোঁতে কাৰ্চৰ ডালৰ ঠিক ওপৰত এডাল সৰু বাৰ ওলাই ৫ টালৈকে সম্ভাৱ্য পৰৱৰ্তী শব্দ (word-completion) দেখুৱায় — ঠিক মোবাইল ফোনৰ কীবৰ্ডত যেনেকৈ হয়। প্ৰথমটো (হাইলাইট কৰা) শব্দ Tab টিপি বা ক্লিক কৰি সোনকালে বাছি ল'ব পাৰে; বাকীকেইটাৰ বাবে Ctrl + 25 কী বা ক্লিক কৰিব পাৰে (শুধু digit টিপিলে সাধাৰণ সংখ্যাই টাইপ হয়, ভুলকৈ পৰামৰ্শ বাচি নাযায়)।
  • ইয়াক অন/অফ কৰিবলৈ: Settings → Keyboard"Show word-completion suggestions while typing" — ডিফল্টভাৱে ON
  • ই কাম কৰে অসমীয়া Unicode আৰু Smart Phonetic (SMS style + Classic Phonetic দুয়োটা layout) ত — টাইপ কৰি থাকোঁতেই।
  • PageMaker আৰু InDesign ত (Inscript/Linguistic legacy টাইপিঙত) শব্দটো শেষ কৰাৰ পিছত পৰৱৰ্তী শব্দৰ পৰামৰ্শ দেখুৱায়।
  • Notepad, MS Word আৰু আন বেছিভাগ Windows এপ্‌ত ভালদৰে কাম কৰে।
⚠ কাৰ্ছাৰ-অৱস্থান: ব্ৰাউজাৰ (Chrome/Edge/Firefox) আৰু PageMaker/InDesign ৰ দৰে এপ্‌ত পুৰণি Windows পদ্ধতিয়ে সঠিক কাৰ্ছাৰ অৱস্থান নিদিয়ে, সেয়ে এইবোৰত বাৰটো আপুনি শেষবাৰ মাউচেৰে ক্লিক কৰা ঠাইৰ কাষত ওলায় — কাৰ্ছাৰৰ ঠিক তলত নহয়। এইটো এতিয়াও পৰীক্ষামূলক অংশ, ভৱিষ্যতে আৰু নিখুঁত কৰাৰ কাম চলি আছে।
Live Word Suggestion prediction bar in PageMaker
PageMaker ত Live Word Suggestion: এটা শব্দ শেষ কৰাৰ পিছত (Space/দাড়ি), আপুনি লিখি থকা অনুচ্ছেদৰ বিষয়বস্তুৰ সৈতে সংগতি ৰাখি পৰৱৰ্তী শব্দৰ পৰামৰ্শ (যেনে ইয়াত "সময়", "পাৰ্", "গুৰুত্", "পৰিচিত", "কাল") দেখুৱায়।
🏆 বিশেষত্ব: AxomLipi Pro-ৰ Live Word Suggestion আৰু Word Suggestion (বানান-পৰামৰ্শ) দুয়োটাই আপুনি ভুলকৈ বা আধা টাইপ কৰি থকা শব্দটোৰ সৈতে সংগতি ৰাখি প্ৰাসংগিক পৰামৰ্শ দেখুৱায় — PageMaker-ৰ দৰে পুৰণি DTP software তো। বৰ্তমানলৈকে অসমীয়া টাইপিঙৰ বাবে AxomLipi Pro-ই একমাত্ৰ software য'ত এই সুবিধা দুটা আছে।
✅ ক'ত ব্যৱহাৰ কৰিব: দৈনন্দিন আধুনিক টাইপিং — চ্যাট, ইমেইল, social media, Word document, গ্ৰাফিক্স ডিজাইন (Unicode ফন্ট) আদিৰ বাবে এই মোডেই উত্তম।

🔤 অসমীয়া Smart Phonetic

এই মোডত আপুনি ইংৰাজী (Roman) আখৰেৰে উচ্চাৰণ অনুসৰি লিখে, আৰু প্ৰতিটো আখৰ টিপাৰ লগে লগে তৎক্ষণাৎ পৰ্দাত অসমীয়া Unicode ওলাই আহে (আন মোডবোৰৰ দৰেই real-time) — গোটেই শব্দ শেষ হোৱালৈকে অপেক্ষা কৰিব নালাগে। Space, Enter, Tab বা যতি চিহ্নই শব্দটো সাঙুৰি (finalize) সাধাৰণ শব্দৰ অভিধানৰ সৈতে শেষবাৰ পৰীক্ষা কৰে, প্ৰয়োজন হ'লে শুদ্ধ ৰূপলৈ সলনি কৰে।

আপুনি লিখকআপুনি পায়
moiমই
amiআমি
bharatভাৰত
amar axomআমাৰ অসম
নিয়মসমূহ:
  • দীঘল মিল প্ৰথমেkh = (k = ক ৰ আগতে)।
  • সাধাৰণ শব্দৰ অভিধান প্ৰথমে চোৱা হয় — moiমই (শুদ্ধ বানান)।
  • ব্যঞ্জন নিজে যুক্ত হয়ndrন্দ্ৰ
  • ব্যঞ্জনৰ পিছত স্বৰ মাত্ৰা হয়, নহ'লে স্বতন্ত্ৰ ৰূপ।
  • Backspace এ Roman buffer ৰ লগে লগে কাম কৰে।

১. স্বৰ — Vowels

স্বতন্ত্ৰ স্বৰ (শব্দৰ আৰম্ভণিত)

Romanঅসমীয়াRomanঅসমীয়াRomanঅসমীয়া
Aaa / AAI
ii / IIUuu / UU
RREai / OI
Oau / OU

স্বৰচিহ্ন / মাত্ৰা (ব্যঞ্জনৰ পিছত — উদাহৰণ: k = ক)

Romanমাত্ৰাউদাহৰণRomanমাত্ৰাউদাহৰণ
aকাiিকি
iiকীuকু
uuকূrrকৃ
eকেoiকৈ
oকোouকৌ

২. ব্যঞ্জন — Consonants

Romanঅ.Romanঅ.Romanঅ.Romanঅ.
kkhggh
ngcchj
jhnyTTh
DDhNt
thddhn
pph / fbbh
mJr / Rl
w / vs / xshSh
hyয়rdড়Rhঢ়

৩. যুক্তাক্ষৰ — Conjuncts

বেছিভাগ যুক্তাক্ষৰ নিজে হয় — দুটা ব্যঞ্জন লিখিলে মাজত হসন্ত বহে। কিছুমান বিশেষ:

Romanঅসমীয়াRomanঅসমীয়াRomanঅসমীয়া
kshক্ষtrত্ৰjny / Gnজ্ঞ
shrশ্ৰstrস্ত্ৰddhদ্ধ
prপ্ৰkrক্ৰgrগ্ৰ
ndন্দntন্তstস্ত

৪. বিশেষ চিহ্ন আৰু সংখ্যা

Romanঅসমীয়ানাম
Mঅনুস্বাৰ
Hবিসৰ্গ
Wচন্দ্ৰবিন্দু
tT / Ttখণ্ড-ত বা হসন্ত
0-9০–৯সংখ্যা (Settings ত অন কৰিব লাগে)

৫. সাধাৰণ শব্দৰ অভিধান (১,২৭৫+ শব্দ)

সঘনাই ব্যৱহৃত হোৱা শব্দবোৰ অভিধানত আছে, গতিকে সেইবোৰ সদায় শুদ্ধ বানানত ওলায়। কেইটামান উদাহৰণ:

Romanঅ.Romanঅ.Romanঅ.
moiমইtumiতুমিapuniআপুনি
manuhমানুহghorঘৰpaniপানী
bhalভালdhuniyaধুনীয়াdangorডাঙৰ
guwahatiগুৱাহাটীaxomঅসমdhonyobadধন্যবাদ
namaskarনমস্কাৰkene aseকেনে আছেsubh raatiশুভ ৰাতি
💡 দ্ৰুত টাইপিঙৰ পৰামৰ্শ: প্ৰতিটো শব্দৰ পিছত Space টিপক · সৰু আখৰ (lowercase) ব্যৱহাৰ কৰক, ডাঙৰ আখৰ (T, D, N, Sh, Th, Dh) কেৱল কঠিন/মূৰ্ধন্য আখৰৰ বাবে · দীঘল মাত্ৰাৰ বাবে ii, uu · bhal, bhaal দুয়োটাই কাম কৰে।
💡 Live Word Suggestion: টাইপ কৰোঁতে Cursor ওপৰত এটা সৰু বাৰত পৰৱৰ্তী সম্ভাৱ্য শব্দ (word-completion) দেখুৱাব পাৰে — Word/Notepad-ৰ দৰে এপ্‌ত (ডিফল্টভাৱে ON)। সবিশেষ বৰ্ণনা আৰু ছবিৰ বাবে অসমীয়া Unicode অংশ চাওক।

🅲 Classic Phonetic লেআউট

Smart Phonetic মোডৰ ভিতৰতে দ্বিতীয় এটা key layout — Classic Phonetic (Avro-style)। SMS style ৰ পৰা মূল পাৰ্থক্য: ইয়াত কোনো সাধাৰণ শব্দৰ অভিধান নাই — সম্পূৰ্ণ letter-by-letter (শুদ্ধ আখৰ-ভিত্তিক), আৰু a নিজেই (inherent vowel, ব্যঞ্জনৰ পিছত কোনো মাত্ৰা নালাগে — যেনে ka, নহয় কা)।

সলনি কৰিবলৈ: Settings → Keyboard"Smart Phonetic Layout" card ত "Classic Phonetic mode" radio বাছি ✓ Save Settings টিপক। আগৰটোলৈ ঘূৰি যাবলৈ "Smart Phonetic Mode-SMS style" বাছক।
আপুনি লিখকআপুনি পায়
maiমই
moiমৈ
carakaarচৰকাৰ
bharatভাৰত

স্বতন্ত্ৰ স্বৰ / মাত্ৰা (a = অ, ব্যঞ্জনৰ পিছত মাত্ৰা নিজে গঠন হয়)

Romanঅসমীয়াRomanঅসমীয়াRomanঅসমীয়া
aaai
ii / eeuuu
rrieoi
oou

ব্যঞ্জনৰ পিছত ওপৰৰ একেই Roman কী এ মাত্ৰা দিয়ে (যেনে k+aa = কা, k+i = কি) — a ৰ কোনো মাত্ৰা নাই (inherent vowel)।

ব্যঞ্জন — Consonants

Romanঅ.Romanঅ.Romanঅ.Romanঅ.
kkhggh
Ngcchj
jhnGTTh
DDhNt
thddhn
pph / fbbh
mzrl
w / vx / shSs
hyয়Xক্ষt~
Rড়Rhঢ়Gজ্ঞ

যুক্তাক্ষৰ ও হসন্ত — Conjuncts & Hasanta

দুটা ব্যঞ্জন পাছে পাছে (মাজত স্বৰ নথকাকৈ) লিখিলে নিজে হসন্তেৰে যুক্ত হয় — যেনে uktaউক্ত। ইচ্ছা কৰি হসন্ত বহুৱাবলৈ ` (backtick) কী আছে।

আপুনি লিখকআপুনি পায়টোকা
uktaউক্তক + ্ + ত (নিজে যুক্ত)
bandarবন্দৰন + ্ + দ
mantriiমন্ত্ৰীন+্+ত+্+ৰ (একাধিক)
krriSNaকৃষ্ণষ + ্ + ণ
ekalabyaএকলব্যব+্+য (য-ফলা, য়-নুক্তা নাযায়)
anjanঅঞ্জনন স্বয়ংক্ৰিয়ভাৱে ঞ হয় (চ/ছ/জ/ঝৰ আগত)
💡 হসন্ত কী (`): স্বয়ংক্ৰিয় নিয়মে নধৰা যুক্তাক্ষৰ ইচ্ছাকৃতভাৱে বনাবলৈ ব্যৱহাৰ কৰক — যেনে k`mক্‌ম (স্পষ্ট হসন্ত সহ)।

নুক্তা, সংখ্যা আৰু যতিচিহ্ন

Romanঅসমীয়ানাম
^চন্দ্ৰবিন্দু
ngঅনুস্বাৰ
Hবিসৰ্গ
&নুক্তা (কোনো ব্যঞ্জনৰ পিছত, যেনে D& = ড়)
*ইছৰ (সন্মানসূচক)
0-9০–৯সংখ্যা
.দাড়ি
..দুই দাড়ি
,কমা
;;ছেমিকলন
'‘ / ’quote (প্ৰথমবাৰ খোলা, পিছৰবাৰ বন্ধ — সলনি সলনি)
💡 সংখ্যা/দাড়ি ছেটিং একেই: সংখ্যা ইংৰাজীৰ পৰা অসমীয়ালৈ সলনি (0-9 → ০-৯) আৰু period (.) ৰ পৰা দাড়ি (৷) হ'ব নে নহয় — এই দুই toggle SMS style ৰ দৰেই Settings → Keyboard → Smart Phonetic Refinements ত আছে, দুয়ো layout ত একে কাম কৰে।

💰 ৰুপী চিহ্ন — Ctrl+Alt+4

যিকোনো মোডত (Classic Phonetic হওক বা নহওক) Ctrl + Alt + 4 টিপিলে তৎক্ষণাৎ চিহ্ন টাইপ হয়।

✍️ অধিক উদাহৰণ

Romanঅ.Romanঅ.Romanঅ.
asamঅসমaamaarআমাৰimaanইমান
iirSaaঈৰ্ষাrrituঋতুoiraavatঐৰাৱত
olagওলগhaa^hহাঁহkalamকলম
kaalaamকালামkitaapকিতাপkiirtanকীৰ্তন
kuTilকুটিলkrriSiকৃষিkerelaaকেৰেলা
koilaasকৈলাসkomalকোমলkouxalকৌশল
bhaktiভক্তিbidagdhaবিদগ্ধuccaউচ্চ
plaavanপ্লাৱনDibruডিব্ৰুpashcimপশ্চিম
Gaanজ্ঞানbhaNDaভণ্ডbandarবন্দৰ
⚠ কোনো শব্দৰ অভিধান নাই: Classic Phonetic মোডে কেৱল আখৰৰ নিয়মেৰে কাম কৰে — কোনো সাধাৰণ শব্দৰ অভিধান নাই। বেছিভাগ শব্দ ওপৰৰ নিয়মেৰেই শুদ্ধকৈ ওলায়, কিন্তু কিছুমান বিশেষ শব্দত (যেনে দুটা শব্দ জোৰা লগোৱা সন্ধি শব্দ) automatic conjunct rule টো ভুল ফল দিব পাৰে — এনে ঠাইত ` (হসন্ত) বা অতিৰিক্ত স্বৰ ব্যৱহাৰ কৰি নিজে ঠিক কৰি ল'ব পাৰে।

🇮🇳 হিন্দী লেআউটসমূহ · Hindi Layouts

একেই software ৰ পৰাই আপুনি হিন্দী (দেৱনাগৰী) ও টাইপ কৰিব পাৰে — তিনিটা ধৰণে।

হিন্দী Inscript / Unicode

চৰকাৰী হিন্দী INSCRIPT লেআউট। Inscript মোডে পুৰণি/লিগ্যাচী হিন্দী ফন্টৰ বাবে, Unicode মোডে আধুনিক দেৱনাগৰী Unicode আউটপুট দিয়ে — কীৰ অৱস্থান দুয়োটাতে একেই।

NORMAL हिन्दी · शुद्ध की
SHIFT हिन्दी · Shift

হিন্দী Phonetic

ইংৰাজীত উচ্চাৰণ লিখক, Space টিপিলেই হিন্দী — যেনে:

আপুনি লিখকআপুনি পায়
namasteनमस्ते
bharatभारत
dhanyavaadधन्यवाद

🎤 ভইচ টাইপিং · Voice Typing

মাইক্ৰোফোনত অসমীয়াত কথা কওক, লিখা হৈ যাব। ই Whisper AI ৰে চলে — সম্পূৰ্ণ অফলাইন, আপোনাৰ কণ্ঠস্বৰ কোনো server লৈ নাযায়।

Voice Typing window
ভইচ টাইপিং উইণ্ডো: ওপৰত মাইক বাছনি · মাজত 🎙 বুটাম আৰু স্থিতি · তলত TRANSCRIPT · বুটামবোৰ — 🔴 Start · ⏹ Stop · ↺ Retry · 🗑 Clear · 📄 Copy · 🔍 Spell · ✨ Polish · আৰু Model / Send to / ✓ Send।

খোলক

Ctrl + Alt + V টিপক বা Voice Typing বুটামত ক্লিক কৰক।

মাইক পৰীক্ষা

ওপৰৰ মাইক তালিকাৰ পৰা সঠিক device বাছক; কথা ক'লে VU bar নাচিলে মাইক ঠিক আছে।

ৰেকৰ্ড কৰক

🔴 Start ত ক্লিক কৰি স্পষ্টকৈ অসমীয়াত কওক। কথা শেষ হ'লে নিজে ৰৈ যায় (বা ⏹ Stop টিপক)।

সংশোধন (ঐচ্ছিক)

🔍 Spell এ ভুল শব্দ ৰঙা কৰে; ✨ Polish এ AI ৰে গোটেই লিখা সুন্দৰ কৰে।

পঠিয়াওক

✓ Send টিপি লিখাটো সক্ৰিয় এপ্‌লৈ পঠাওক, বা 📄 Copy কৰক।

ℹ প্ৰথমবাৰ: প্ৰথমবাৰ ব্যৱহাৰ কৰোঁতে AI মডেল (~১.৬ GB, Turbo) ইণ্টাৰনেটৰ পৰা এবাৰ ডাউনলোড হয় — তাৰ পিছত সদায় অফলাইন চলে। মডেল (Small/Medium/Turbo) তলৰ তালিকাৰ পৰা সলনি কৰিব পাৰে; অসমীয়াৰ বাবে Turbo বা Large-v3 উত্তম

🔄 ফন্ট কনভাৰ্টাৰ · Font Converter

পুৰণি গীতাঞ্জলি (লিগ্যাচী) ফন্ট আৰু আধুনিক Unicode ৰ মাজত দুয়োফালে লিখা ৰূপান্তৰ কৰক — বিশেষকৈ PageMaker 7.0 ৰ বাবে নিখুঁত। Window খন এতিয়া তিনি ভাগত বিভক্ত — বাওঁফালে আপোনাৰ লিখা, মাজত কি কৰিব বাছনি, সোঁফালে ৰূপান্তৰিত ফল।

খোলক

Ctrl + Alt + C বা Font Converter বুটাম।

লিখা দিয়ক

বাওঁফালৰ বাকচত লিখা paste কৰক, বা 📂 Import File ৰে ফাইলৰ পৰা লিখা লওক।

Convert টিপক

মাজৰ পেনেলত window খনে নিজেই লিখাটো গীতাঞ্জলি নে Unicode চিনি উলিয়াই ("Detected: ...") দেখুৱায় — ⚙ Convert বুটামত ক্লিক কৰক, Convert নিজে হৈ যাব, আপুনি একো কৰিব নালাগে।

বানান পৰীক্ষা (ঐচ্ছিক)

🔍 Check Spelling টিপিলে ভুল বানান ৰঙা হয় — ৰঙা শব্দত Right-Click কৰি শুদ্ধ শব্দটো বাছি লওক।

ফল লওক

সোঁফালৰ পেনেলৰ পৰা 📋 Copy Output কৰক, বা 💾 Save Output ৰে ফাইল হিচাপে ৰাখক।

PageMaker পৰামৰ্শ: Unicode → গীতাঞ্জলি কৰি paste কৰাৰ আগতে PageMaker ত GeetanjaliLight ফন্ট বাছি ল'ব। অ্যাপোস্ট্ৰফি (’) ৰ দৰে কিছুমান বিশেষ চিহ্ন PageMaker ত Find & Change ৰে ঠিক কৰিব লগা হ'ব পাৰে।
নতুন: লিখাৰ মাজত থকা ইংৰাজী শব্দ আৰু সংখ্যা (যেনে নাম, তাৰিখ, ফ'ন নম্বৰ) এতিয়া সঠিকভাৱে দেখা যায় আৰু আউটপুটতো ঠিকেই থাকে — আগতে গীতাঞ্জলি ফন্টত সেইবোৰ খেলিমেলি হৈ গৈছিল। গীতাঞ্জলিৰ লিখাটোও (PageMaker-ত পুৰণিকৈ টাইপ কৰা) এতিয়া বানান পৰীক্ষকৰে পৰীক্ষা কৰিব পাৰি। এতিয়া কনভাৰ্টাৰ window ৰ ভিতৰতেই — বাওঁফাল বা সোঁফাল দুয়োটা পেনেলতে — Right-Click কৰি বানান শুদ্ধ কৰিব পাৰি, পৃথকে Spell Checker উইণ্ডো খোলাৰ প্ৰয়োজন নাই।

⚠️ Risky Conjunct ফিক্স-আপ

স্ব/ম্ব/ন্ব-ৰ দৰে কিছুমান বিশেষ যুক্তাক্ষৰ PageMaker-ৰ নিজৰ RTF-import ফিল্টাৰেই সলনি কৰি পেলায় (আমাৰ output ঠিকেই থাকে, কিন্তু PageMaker-এ paste কৰাৰ সময়ত ভুল কৰে)। এনে শব্দ থাকিলে output panel-ৰ তলত এটা "Risky conjunct words found" তালিকা ওলায় — তালিকাৰ শব্দটোত ক্লিক কৰিলে সেই শব্দৰ শুদ্ধ (plain) বাইট ক্লিপবৰ্ডলৈ কপি হয়, যিটো PageMaker-ত ভুল ঠাইখিনিৰ ওপৰত পেষ্ট কৰি সলনি কৰি দিব পাৰি।

Settings টগল: Settings > Converter ত এতিয়া Conjunct Safety বনাম Font-Mixing (ইংৰাজী/সংখ্যাৰ বাবে পৃথক ফন্ট ব্যৱহাৰ কৰিব নে নাই) আৰু বিচ্ছিন্ন @ চিহ্নটো literal নে curly-quote হিচাপে দেখুৱাব — এই পছন্দবোৰ যোগ কৰা হৈছে।

📖 অফলাইন বানান পৰীক্ষক · Spell Checker

টাইপ কৰোঁতেই ভুল বানান চিনাক্ত হয়। ভুল শব্দৰ ওচৰত এটা "ভুলকৈ লিখা শব্দ" (Incorrect word) popup ত এবাৰত ৫ টাকৈ দুবাৰ মুঠ ১০ টা শুদ্ধ শব্দৰ পৰামৰ্শ ওলায় (নম্বৰ দিয়া)। তলৰ কী টিপি বাছি লওক:

কীকাম
1 2 3 4 5সেই নম্বৰৰ পৰামৰ্শ শব্দটো বাছক (ভুল শব্দ আঁতৰি শুদ্ধটো বহে)
F4শব্দটো অভিধানত যোগ কৰক (Add to Dictionary)
F5Settings খোলক
Escএইবাৰৰ বাবে এৰি দিয়ক / popup বন্ধ কৰক (Ignore Once)

(আগৰ অভ্যাসৰ বাবে F1/F2/F3 এও ১ম/২য়/৩য় পৰামৰ্শ বাছিব পাৰে।)

Spell suggestion popup
"ভুলকৈ লিখা শব্দ" popup: ১–৫ নম্বৰৰ পৰামৰ্শ বাছক · F4 অভিধানত যোগ · Esc এৰি দিয়ক · F5 Settings।
Spell suggestion popup in PageMaker
PageMaker ত একেই popup: ভুলকৈ টাইপ কৰা শব্দটোৰ (যেনে "ভাষাতৈকো") ওচৰৰ আখৰ/মাত্ৰাৰ ভুলবোৰ চাই প্ৰাসংগিক শুদ্ধ পৰামৰ্শ (ভাষাতকৈ, ভাষাতকৈও...) দেখুৱায় — Unicode মোডৰ দৰেই PageMaker-ৰ Inscript/Linguistic টাইপিঙতো।

🪟 Offline Spell Checker উইণ্ডো — গোটেই অনুচ্ছেদ পৰীক্ষা

এটা পপ-আপৰ সলনি, গোটেই অনুচ্ছেদ এবাৰতে পৰীক্ষা কৰিবলৈ পৃথক Offline Spell Checker উইণ্ডো ব্যৱহাৰ কৰক।

খোলক

Ctrl + Alt + S বা Offline Spell Checker বুটাম।

লিখা দিয়ক

বাকচত লিখা paste কৰক, বা 📂 Import File ৰে ফাইলৰ পৰা পোনপটীয়াকৈ লওক — বাকচটো সম্পূৰ্ণ editable

Check Spelling টিপক

প্ৰতিটো ভুল শব্দৰ ৫ টালৈকে পৰামৰ্শ, অৰ্থ (Meaning) আৰু Skip বিকল্পসহ ফলাফল ওলায়।

ফল লওক

শুদ্ধ কৰাৰ পিছত Copy Corrected Text কৰক, বা ভুল বানান নথকা শব্দ Add to Dictionary কৰক।

Offline Spell Checker window
অফলাইন বানান পৰীক্ষক: লিখা paste কৰি Check Spelling টিপক · ভুল শব্দ ৰঙা হয় · তলৰ পৰামৰ্শ chip বাছক, Meaning চাওক বা Add to Dictionary কৰক · শেষত Copy Corrected Text
নতুন: Offline Spell Checker আৰু Font Converter — দুয়োটাতে এতিয়া PageMaker-ৰ পুৰণি গীতাঞ্জলি ফন্টত টাইপ কৰা/বেলেগৰ পৰা আনি paste কৰা লেখাসমূহৰো বানান পৰীক্ষা কৰিব পাৰি।

🤖 AI বানান ও ব্যাকৰণ পৰীক্ষক · AI Spell & Grammar

সম্পূৰ্ণ অনুচ্ছেদৰ ব্যাকৰণ আৰু বানান AI ৰে এটা ক্লিকতে শুদ্ধ কৰক (মূল উইণ্ডোৰ 🤖 AI Spell & Grammar বুটাম)। মূল লিখা আৰু AI-সংশোধিত লিখা ওচৰাওচৰিকৈ দেখুৱায় — আপুনি চাই, সম্পাদনা কৰি তাৰ পিছত গ্ৰহণ কৰিব পাৰে।

ℹ প্ৰয়োজন: AI সংশোধনৰ বাবে এটা AI backend লাগে — হয় কম্পিউটাৰত AI Agent (অফলাইন), নহয় এটা OpenAI API key। সাধাৰণ অফলাইন বানান পৰীক্ষকৰ বাবে এইটো নালাগে।
নতুন: ওপৰত এতিয়া এটা Model ড্ৰপডাউন আছে — অফলাইন AI Agent-ত থকা একাধিক (Ollama) মডেলৰ পৰা বাছি ল’ব পাৰে। এটা silent-failure বাগ (কেতিয়াবা ভুলকৈ "শুদ্ধ" বুলি দেখুওৱা) ঠিক কৰা হৈছে, আৰু prompt নতুনকৈ ডিজাইন কৰা হৈছে — এতিয়া AI-য়ে কেৱল সংশোধনবোৰহে দিয়ে, গোটেই লিখা পুনৰ নিলিখে।
AI Spell & Grammar Checker window
AI Spell & Grammar Checker — মূল লিখা আৰু AI-সংশোধিত লিখা ওচৰাওচৰিকৈ দেখুৱাই।

🖼️ ছবিৰ পৰা লিখা (OCR) · Image to Text

Google Lens ৰ দৰে — ছবি, screenshot বা ফটোৰ পৰা অসমীয়া লিখা উলিয়াই আনি এডিট কৰক। সম্পূৰ্ণ অফলাইন।

Image to Text (OCR) window
ছবিৰ পৰা লিখা: বাওঁফালে ছবি (Screen Capture / Open File / Paste) · সোঁফালে চিনাক্ত হোৱা লিখা · তলৰ পৰা Font Converter বা Spell Checker লৈ পঠাব পাৰে।

খোলক

Ctrl + Alt + O বা Image to Text বুটাম।

ছবি দিয়ক

📷 Screen Capture · 📂 ফাইল খোলক · 📋 Clipboard ৰ পৰা · বা ছবি টানি (drag-drop) এৰি দিয়ক।

লিখা পাওক

সোঁফালে চিনাক্ত হোৱা লিখা ওলায় — সম্পাদনা কৰক, কপি কৰক, বা Font Converter / Spell Checker লৈ পঠাওক।

পৰামৰ্শ: বেছি স্পষ্ট ফলাফলৰ বাবে কেৱল লিখা থকা অংশটো crop কৰি (Screen Capture ৰে) OCR কৰক। Graphics, Mix Color background ৰ ওপৰত লিখা আখৰ চিনাক্ত কৰাটো কঠিন।
জানি থওক: AxomLipi Pro Administrator হিচাপে চলি থাকিলে Windows-ৰ নিৰাপত্তা নিয়মৰ বাবে ছবি টানি আনি এৰা (drag-drop) কাম নকৰিব পাৰে। এনে হ'লে ইয়াৰ সলনি 📂 Open File বা 📋 Paste ব্যৱহাৰ কৰক।
নতুন: ডিফল্ট ভাষা এতিয়া Assamese+English — মিহলি (mixed) লিখাত নিখুঁততা বাঢ়িছে, আৰু নুক্তা (়) থকা আখৰবোৰ এতিয়া শুদ্ধভাৱে গঠন (recompose) হয়। Font Converter-লৈ পঠোৱা লিখাটোতো এতিয়া bracket/quote/চিহ্ন হেৰোৱা নাযায়।

📄 PDF কনভাৰ্টাৰ · PDF Converter

এটা বা একাধিক PDF ফাইল এবাৰতে Unicode বা গীতাঞ্জলিলৈ ৰূপান্তৰ কৰক। PDF-ত আগৰে পৰাই টেক্সট-লেয়াৰ থাকিলে সেয়া পোনতেই পঢ়া হয়; নথকা (স্কেন কৰা/ছবি) পৃষ্ঠাত স্বয়ংক্ৰিয়ভাৱে OCR চলে।

খোলক

Ctrl + Alt + F বা PDF Converter বুটাম।

দিশ আৰু ভাষা বাছক

ওপৰৰ বাওঁফালৰ ড্ৰপডাউনৰ পৰা Convert to Unicode বা Convert to Geetanjali বাছক, আৰু Select PDF language ৰ পৰা Assamese বা Assamese+English (মিহলি লিখাৰ বাবে) বাছি ল’ব পাৰে।

PDF যোগ কৰক

📂 Add PDF file(s)... ৰে এটা বা একাধিক PDF বাছি লওক — যোগ কৰাৰ লগে লগে স্বয়ংক্ৰিয়ভাৱে convert হৈ যায়, পৃথকে বুটাম টিপিব নালাগে।

ফলাফল চাওক

বাওঁফালে PDF-ৰ preview, সোঁফালে ৰূপান্তৰিত লিখাৰ preview — দুয়োটাই editable। প্ৰয়োজন হ’লে Convert all ৰে পুনৰ চলাব পাৰে।

ফল লওক

🔍 Check spelling বা 📋 Copy text কৰক, বা 📁 Output folder... ৰে ৰখা ঠাই বাছি ল’ব — প্ৰতিটো ফাইল সেই ফোল্ডাৰতে .txt হিচাপে সেভ হয় (ফলাফলৰ তলত "Saved to:" লিংকত ক্লিক কৰিলে ফোল্ডাৰটো খুলি যায়)।

ℹ️ টেক্সট-লেয়াৰ + OCR দুয়ো: "Notes" column-ত প্ৰতিটো ফাইলৰ কেইটা পৃষ্ঠা পোনপটীয়া টেক্সট-লেয়াৰৰ পৰা পঢ়া হ’ল আৰু কেইটা OCR কৰা হ’ল, আৰু মুঠ কেইটা শব্দ পোৱা গ’ল তাৰ বিৱৰণ দেখুৱায়।
File queue: একাধিক PDF এবাৰতে যোগ কৰি পংক্তিভাৱে (queue) ৰাখিব পাৰে — Remove selected বা Clear all ৰে আঁতৰাব পাৰে।

🧰 অন্যান্য টুল · More Tools

अA

অনুবাদক · Translator

ভাষাৰ মাজত দ্ৰুত অনুবাদ। শ্বৰ্টকাট: Ctrl + Alt + T

🌐

ব্ৰাউজাৰ · Browser

ভিতৰতে এটা ব্ৰাউজাৰ — অসমীয়া টাইপিং সমৰ্থনৰ সৈতে। Ctrl + Alt + B

📝

নোটপেড · Quick Notes

দ্ৰুত টোকাৰ বাবে এটা সম্পূৰ্ণ notepad — line number, Find/Replace, Go To Line, সোঁফালে খুলি থোৱা ফাইলবোৰৰ Recent Files তালিকা, আৰু নিজৰ Dark/Light theme toggle। বন্ধ কৰাৰ সময়ত এটা confirmation সোধে — হয় দিলে টোকাটো মচি যাব, নালিখিলে খোলাই থাকিব। শ্বৰ্টকাট: Ctrl + Alt + N

📋

ক্লিপবৰ্ড হিষ্ট্ৰী

আগতে কপি কৰা লিখাবোৰ ঘূৰাই বিচাৰি paste কৰক। শ্বৰ্টকাট: F8

💡

স্মাৰ্ট শব্দ পৰামৰ্শ · Word Suggestions

টাইপ কৰোঁতেই ওচৰত এটা সৰু window ত ১০ টালৈকে মিল থকা/পৰৱৰ্তী শব্দ ওলায় — পছন্দৰ শব্দটোত ক্লিক কৰি বা তাৰ নম্বৰ কী টিপি বাছি লওক। এই সুবিধা অন/অফ কৰিবলৈ F11Adobe PageMaker-তো গীতাঞ্জলি ফন্টেৰে টাইপ কৰোঁতেই এই পৰামৰ্শ পোৱা যায় — অসমৰ আন কোনো Assamese typing software-তে এতিয়ালৈকে নথকা সুবিধা।

🌗

ডাৰ্ক আৰু লাইট থিম

চকুলৈ আৰাম দিয়া Dark Mode আৰু পৰিষ্কাৰ Light Mode — এক ক্লিকতে সলনি। শ্বৰ্টকাট: F10

📌

Always-on-Top

উইণ্ডো সদায় ওপৰত ৰাখক — F12

Translator window
অনুবাদক — ভাষাৰ মাজত দ্ৰুত অনুবাদ।
Clipboard History window
ক্লিপবৰ্ড হিষ্ট্ৰী — আগতে কপি কৰা লিখা ঘূৰাই বিচাৰক।

🔔 স্বয়ংক্ৰিয় আপডেট · Auto-Update Notification

AxomLipi Pro এ নিজে সময়ে সময়ে চাই থাকে নতুন সংস্কৰণ (version) ওলাইছে নে নাই। নতুন সংস্কৰণ আহিলে এপটো চলাি থকা অৱস্থাতে এখন Notification window ৰ সহায়ত জানিব পাৰিব আৰু লগে লগে install কৰিব পাৰিব।

নতুন সংস্কৰণ পোৱা গ'লে এটা New Version Available! উইণ্ডো স্ক্ৰীনৰ কাষত নিজে ওলাই আহে — ই আপোনাৰ টাইপিঙত বাধা নিদিয়ে, focus কাঢ়ি নলয়।

Update Notification
New Version Available! — নতুন সংস্কৰণ পোৱা গ'লে এই notification পপ-আপ স্ক্ৰীনৰ কাষত ওলাই আহে।
বুটামকাম
Download & Installএপ্‌ৰ ভিতৰতেই (in-app) নতুন installer টো ডাউনলোড হয় — একেটা উইণ্ডোতে progress bar ত % দেখুৱাই থাকে। ডাউনলোড শেষ হ'লে installer টো নিজে খুলি যায়; আপুনি কেৱল Windows ৰ অনুমতি (UAC) দি Install টিপিলেই যথেষ্ট।
📋 View What's NewChangelog উইণ্ডো খোলে, নতুন সংস্কৰণত কি কি সুবিধা আহিছে সেই তালিকা দেখুৱায়। এইটো চোৱাৰ পিছতো notification টো একেবাৰে বন্ধ নহয় — ই কেৱল তথ্য চোৱাৰ বুটাম, Install কৰাৰ বুটাম নহয়।
Remind Me Laterএতিয়াৰ বাবে বন্ধ কৰি, ২ ঘণ্টা পিছত পুনৰ মনত পেলাব (Snooze)।

Download & Install টিপিলে একেটা উইণ্ডোৰ ভিতৰতেই এটা progress bar ওলাই ডাউনলোডৰ শতাংশ (%) দেখুৱাব; ডাউনলোড শেষ হ'লে ইনষ্টলাৰ নিজেই খুলি যাব।

💡 টোকা: আপুনি সঁচাকৈ নতুন সংস্কৰণটো install নকৰালৈকে এই notification টোৱে বাৰে বাৰে দেখা দিব (Remind Me Later বা View What's New টিপিলেও পুনৰ আহিব) — যাতে কোনো এটা আপডেট মিছ নহয়। ইনষ্টলাৰ টো নিজেই এতিয়াও Microsoft ৰ পৰা signed নহয়, সেয়ে প্ৰথমবাৰ Windows এ "Windows protected your PC" বুলি এটা সতৰ্কবাণী দেখুৱাব পাৰে — More info → Run anyway টিপি নিশ্চিন্তে আগবাঢ়িব পাৰে (ব্ৰাউজাৰৰ পৰা ডাউনলোড কৰিলেও একেই সতৰ্কবাণী আহিলহেঁতেন)।

🔍 Check for Updates — Changelog

Help মেনু → Check for Updates ক্লিক কৰিলে এটা পৃথক উইণ্ডো খোলে, য'ত এতিয়া ইনষ্টল হৈ থকা সংস্কৰণ আৰু (আছে যদি) আটাইতকৈ নতুন সংস্কৰণ দেখুৱায়, লগতে আগৰ সকলো সংস্কৰণৰ নতুন সুবিধা/সমাধান কৰা সমস্যাৰ পূৰ্ণাংগ তালিকা (Changelog) পঢ়িব পাৰি। 🔍 Check now বুটামেৰে তৎক্ষণাৎ পুনৰ পৰীক্ষা কৰিব পাৰে; নতুন সংস্কৰণ থাকিলে ⬇ Download & Install বুটামেৰে ইয়াতেই in-app download কৰি install কৰিব পাৰে (Auto-Update Notification ৰ দৰেই); 🌐 Visit Download Page এ ব্ৰাউজাৰত ডাউনলোড পৃষ্ঠা খোলে।

Check for Updates window
Check for Updates উইণ্ডো: ইনষ্টল হৈ থকা সংস্কৰণ, "You're on the latest version" বাৰ্তা (আছে যদি), তিনিটা বুটাম (Check now / Visit Download Page / Download & Install), আৰু তলত সম্পূৰ্ণ Changelog।
Check for Updates - downloading
Download & Install টিপাৰ পিছত — একেটা উইণ্ডোৰ ভিতৰতেই progress bar ত ডাউনলোডৰ শতাংশ (%) দেখুৱায়।

💬 About আৰু Feedback

Help মেনুৰ পৰা software ৰ তথ্য চাবলৈ About, আৰু আপোনাৰ মতামত বা সমস্যা জনাবলৈ Feedback পঠাব পাৰে।

User Feedback
Feedback — মতামত বা সমস্যা পঠাওক।
About window
About — সংস্কৰণ আৰু লাইচেঞ্চ তথ্য।

⚙️ Settings · ছেটিংছ

মূল উইণ্ডোৰ ⚙ Settings বুটাম বা Ctrl + , ৰে Settings খোলক। বাওঁফালৰ tab বোৰৰ পৰা বিভিন্ন বিভাগ চাব পাৰে: General, Keyboard, Hotkeys, Spell Check, Converter, Voice, App Rules, Statistics

Settings window General tab
Settings উইণ্ডো (General): Startup (Windows ৰ লগত চলা, tray ত minimize, splash) · Appearance (ভাষা বাৰ, Word Suggestion, Dark/Light theme) · System Tray Icon · Default Input (আৰম্ভণিৰ Default Mode আৰু Default Font)।
Settings window Keyboard tab
Settings উইণ্ডো (Keyboard): Smart Phonetic Refinements (সংখ্যা/দাড়ি), PageMaker Default Keyboard Mode, PageMaker Font Auto-Switch, আৰু Live Word Suggestions। (নতুন সংস্কৰণত ইয়াত এটা অতিৰিক্ত Smart Phonetic Layout card-ও থাকে — SMS style/Classic Phonetic বাছনিৰ বাবে।)
Settings window Spell Check tab
Settings উইণ্ডো (Spell Check): বানান পৰীক্ষা অন/অফ, Word Suggestion, আৰু Auto-fix matra typing order in PageMaker — PageMaker-ৰ পুৰণি ফন্টৰ বাবে matra-টাইপিং-অৰ্ডাৰ auto-fix (ি/ে/ৈ)।
Settings window Converter tab
Settings উইণ্ডো (Converter): Numeral Display Style — Font Converter-ৰ Unicode → গীতাঞ্জলি preview-ত সংখ্যা কি ৰূপত (Mixed/Force English/Force Assamese) দেখা যাব সেই পছন্দ।
Tabকি ঠিক কৰিব পাৰে
GeneralStartup, theme, ভাষা বাৰ, Word Suggestion, tray icon, Default Mode আৰু Default Font।
KeyboardSmart Phonetic ৰ SMS style / Classic Phonetic layout বাছনি, PageMaker খুলিলে স্বয়ংক্ৰিয়ভাৱে কোন মোড (AS/BN Inscript বা AS/BN Linguistic) চলিব সেই পছন্দ, PageMaker Font Auto-Switch, আৰু Live Word Suggestions অন/অফ।
Hotkeysশ্বৰ্টকাট কীবোৰ চাওক/সলনি কৰক।
Spell Checkবানান পৰীক্ষা অন/অফ, Smart Phonetic Refinements (যেনে সংখ্যা অসমীয়ালৈ সলনি, দাড়ি ৷ আদি), আৰু PageMaker-ৰ বাবে matra-টাইপিং-অৰ্ডাৰ auto-fix।
Converterসংখ্যা কি ৰূপত (Mixed/Force English/Force Assamese) দেখা যাব; ইংৰাজী/সংখ্যাৰ বাবে পৃথক ফন্ট ব্যৱহাৰ কৰিব নে Conjunct Safetyক অগ্ৰাধিকাৰ দিব; বিচ্ছিন্ন @ চিহ্ন literal নে curly-quote হিচাপে দেখুৱাব।
Voiceভইচ টাইপিঙৰ মডেল আৰু সম্পৰ্কীয় ছেটিং।
App Rulesকোন এপ্‌ত কোন মোড স্বয়ংক্ৰিয়ভাৱে চলিব সেই নিয়ম।
Statisticsআপোনাৰ টাইপিঙৰ পৰিসংখ্যা।

🖨️ PageMaker Font Auto-Switch

Adobe PageMaker ত টাইপ কৰোঁতে সঘনাই ফন্ট হাতেৰে সলনি কৰিব লগা হয় — অসমীয়া লিখিলে GeetanjaliLight, ইংৰাজী লিখিলে Times New Roman, সংখ্যা লিখিলে আকৌ পৃথক ফন্ট (Geetanjaliplight)। এই নতুন সুবিধাটোৱে আপুনি কি টাইপ কৰি আছে (অসমীয়া/ইংৰাজী/সংখ্যা) চাই থাকি PageMaker ৰ ফন্ট নিজে সলনি কৰাৰ চেষ্টা কৰে, যাতে বাৰে বাৰে হাতেৰে ফন্ট বাছিব লগা নহয়।

ℹ️ ডিফল্টভাৱে ON: নতুন ইনষ্টলত এই সুবিধাটো ডিফল্টভাৱে অন (ON) থাকে। কিছুমান কী/সংখ্যা/চিহ্নৰ বাবে ফন্ট নিখুঁতভাৱে সলনি নহবও পাৰে — সমস্যা পালে Settings → Keyboard → PageMaker Font Auto-Switch ত টিক চিহ্ন আঁতৰাই পুৰণি (হাতেৰে ফন্ট সলনি কৰা) পদ্ধতিলৈ যিকোনো সময়তে ঘূৰি যাব পাৰে।

💡 Live Word Suggestions

একেই Keyboard tab ত থকা এটা সুবিধা — অন থাকিলে টাইপ কৰোঁতে Cursor ৰ ওপৰত এডাল সৰু বাৰত পৰৱৰ্তী শব্দৰ পৰামৰ্শ (word-completion) দেখুৱায়, ঠিক মোবাইল কীবৰ্ডৰ দৰে। সবিশেষ বৰ্ণনা, কেনেকৈ ব্যৱহাৰ কৰিব আৰু ছবিৰ বাবে অসমীয়া Unicode অংশ চাওক। ডিফল্টভাৱে অন (ON) থাকে; Unicode/Smart Phonetic মোডত টাইপ কৰোঁতেই, আৰু PageMaker/InDesign ত শব্দ শেষ কৰাৰ পিছত পৰৱৰ্তী শব্দৰ পৰামৰ্শ দেখুৱায়।

সলনি কৰাৰ পিছত ✓ Save Settings টিপক। আগৰ অৱস্থালৈ ঘূৰাই যাবলৈ ↺ Reset Defaults


⌨️ কীবৰ্ড শ্বৰ্টকাট · Keyboard Shortcuts

মোড আৰু ভাষা

শ্বৰ্টকাটকাম
Ctrl + Spaceঅসমীয়া/বেংগলী/হিন্দী টগল (অন/অফ)
Shift + Ctrl + Alt + Aঅসমীয়া/বেংগলী Inscript (গীতাঞ্জলি)
Shift + Ctrl + Alt + Uঅসমীয়া Unicode
Shift + Ctrl + Alt + Pঅসমীয়া Smart Phonetic
Shift + Ctrl + Alt + Hহিন্দী Inscript
Ctrl + Alt + Uহিন্দী Unicode
Ctrl + Alt + Pহিন্দী Phonetic
Shift + Ctrl + Alt + Lঅসমীয়া/বেংগলী Linguistic

বানান পৰীক্ষা popup ("ভুলকৈ লিখা শব্দ")

শ্বৰ্টকাটকাম
15সেই নম্বৰৰ পৰামৰ্শ শব্দ বাছক
F4অভিধানত যোগ কৰক (Add to Dictionary)
F5Settings
Escএৰি দিয়ক / বন্ধ (Ignore Once)

Live Word Suggestion বাৰ (বাৰটো দেখা গ'লেহে কাম কৰে)

শ্বৰ্টকাটকাম
Tabপ্ৰথম (হাইলাইট কৰা) শব্দ পৰামৰ্শ বাছক
Ctrl + 25সেই নম্বৰৰ শব্দ পৰামৰ্শ বাছক

টুল আৰু উইণ্ডো

শ্বৰ্টকাটকাম
Ctrl + Alt + Vভইচ টাইপিং
Ctrl + Alt + Cফন্ট কনভাৰ্টাৰ
Ctrl + Alt + Sঅফলাইন বানান পৰীক্ষক
Ctrl + Alt + Oছবিৰ পৰা লিখা (OCR)
Ctrl + Alt + FPDF Converter
Ctrl + Alt + Tঅনুবাদক
Ctrl + Alt + Bব্ৰাউজাৰ
Ctrl + Alt + GAI বানান ও ব্যাকৰণ পৰীক্ষক (AI Spell & Grammar)
Ctrl + Alt + Nনোটপেড (Notepad)
Ctrl + Alt + 4 ৰুপী চিহ্ন টাইপ কৰক (যিকোনো মোডত)
Ctrl + Hমূল উইণ্ডো (Home)
Ctrl + Qএপ্‌ৰ পৰা ওলাওক (Exit)
F8ক্লিপবৰ্ড ইতিহাস (Clipboard History)
F9ভাষা বাৰ দেখুৱাওক/লুকুৱাওক
F10থিম সলনি কৰক (Dark/Light Mode টগল)
F11শব্দ পৰামৰ্শ অন/অফ
F12Always-on-Top টগল
Ctrl + ,Settings
F1সহায় / User Manual খোলক

🔑 লাইচেঞ্চ আৰু এক্টিভেশ্যন · License & Activation

Software টোৱে বিনামূলীয়া ট্ৰায়েল দিয়ে (Activation উইণ্ডোত বাকী থকা দিন দেখুৱায়)। ট্ৰায়েলৰ পিছত ব্যৱহাৰ অব্যাহত ৰাখিবলৈ লাইচেঞ্চ কিনি এক্টিভেট কৰিব লাগিব।

Activate Your License window (before)
সক্ৰিয়কৰণৰ আগত: ওপৰত Machine ID (📋 বুটামেৰে কপি কৰক) · তলত License Key · লাইচেঞ্চ নাথাকিলে Buy License · তলৰ Continue Trial / Later / ✓ Activate Now
License Activated window (after)
সক্ৰিয়কৰণৰ পিছত: "License Activated" বাৰ্তা ওলায়, সম্পূৰ্ণ সংস্কৰণ আনলক হয়। প্ৰয়োজন হ’লে Deactivate this machine ৰে লাইচেঞ্চ আন কম্পিউটাৰলৈ স্থানান্তৰ কৰিব পাৰি। কিন্তু এইটো ৩০ দিনৰ ভিতৰত এবাৰহে কৰিব পাৰিব, ৩০ দিন শেষ হোৱাৰ পিছতহে পুনৰ আন কম্পিউটাৰত License Key Active কৰিব পাৰিব। এই কামটো সঘনাই কৰি থাকিলে আপোনাৰ License Key টো License Server এ স্বয়ংক্ৰিয়ভাৱে Block/বন্ধ কৰি দিব পাৰে। গতিকে প্ৰয়োজনতহে এই সুবিধাটো গ্ৰহণ কৰিব।

Machine ID কপি কৰক

Activation উইণ্ডোত দেখুওৱা Machine ID টো কাষৰ 📋 বুটামেৰে কপি কৰক। (প্ৰতিটো লাইচেঞ্চ এটা কম্পিউটাৰৰ লগত যুক্ত।)

লাইচেঞ্চ কিনক

Buy License টিপক বা axomlipipro.com ত গৈ কিনক। Machine ID টো দিব লাগিব।

কী দিয়ক

পোৱা License Key টো License Key বাকচত দিয়ক।

এক্টিভেট কৰক

✓ Activate Now ত ক্লিক কৰক। সফল হ'লে সম্পূৰ্ণ সংস্কৰণ খোল খায়।

মূল্য পৰিকল্পনা: Pro আৰু Enterprise — দুয়োটাৰ বিৱৰণ আৰু বৰ্তমানৰ অফাৰ axomlipipro.com ত চাওক।

🛠️ সমস্যা সমাধান · Troubleshooting

সমস্যাসমাধান
অসমীয়া / বেংগলী / হিন্দী টাইপ নহয়Ctrl + Space টিপি অন কৰক। ভাষা বাৰে ON দেখুৱায় নে চাওক।
PageMaker ত ভুল আখৰ বা typing নহয় দুটা কাৰণ হ'ব পাৰে:

কাৰণ ১ — Font / Mode ভুল: PageMaker ত GeetanjaliLight font বাছক আৰু AxomLipi Pro ত Inscript (গীতাঞ্জলি) mode নিশ্চিত কৰক।

কাৰণ ২ — UAC / Administrator: PageMaker এ Administrator হিচাপে চলে। AxomLipi Pro সাধাৰণ mode ত চলিলে PageMaker লৈ keystrokes পঠাব নোৱাৰে — ফলত আখৰ ওলায় কিন্তু ভুল হয়।
সমাধান: System tray icon ত Right-click → Run as Administrator বাছক। প্ৰথমবাৰ এনেকৈ কৰিলে পিছলৈ স্বয়ংক্ৰিয়ভাৱে Administrator ৰূপে চলিব।
PageMaker ত typing কৰিলে কিবা নহয়ওপৰৰ কাৰণ ২ চাওক — UAC মিলাব লাগিব। Run as Administrator কৰক।
PageMaker ত matra (ি/ে/ৈ) ভুল ক্ৰমত ওলায় Settings → Spell Check ত Auto-fix matra typing order checkbox চাওক। ON (default) — আধুনিক Unicode Mode Typing ত অভ্যস্তসকল অৰ্থাৎ যিসকলে ব্যঞ্জনৰ পিছত matra / স্বৰ চিহ্ন টাইপ (যেনে- ক + ি = কি, ন + ে = নে) কৰে সেইসকলৰ অভ্যাসৰ প্ৰতি লক্ষ্য ৰাখি PageMaker-ৰ পুৰণি ফন্ট যাতে স্বয়ংক্ৰিয়ভাৱে ঠিক ক্ৰমলৈ আহে তাৰবাবে এই নতুন সুবিধাটো সংযোগ কৰা হৈছে। যদি আপুনি পুৰণি DTP-ষ্টাইলত ব্যঞ্জনৰ আগতে matra টাইপ কৰাত অভ্যস্ত, checkbox-টো OFF কৰক — তেতিয়া একো সলনি নকৰাকৈ যিদৰে টাইপ কৰে সেইদৰেই টাইপ হ’ব।
আধুনিক এপ্‌ত আখৰ বেয়া দেখায়Unicode মোড ব্যৱহাৰ কৰক (গীতাঞ্জলি নহয়)।
ভইচ টাইপিং নচলেমাইক সংযুক্ত আৰু অনুমোদিত নে চাওক। প্ৰথমবাৰ মডেল ডাউনলোড হ'বলৈ ইণ্টাৰনেট লাগে। অসমীয়াৰ বাবে Turbo/Large-v3 মডেল বাছক।
বানান popup নাহেSettings → Spell Check ত Enable real-time spell checking অন আছে নে চাওক।
এপ্‌ আৰম্ভ নহয়আইকনত ৰাইট-ক্লিক কৰি Run as Administrator দিয়ক।
সংখ্যা ইংৰাজীত ওলায়Unicode মোডত অসমীয়া সংখ্যা স্বয়ংক্ৰিয়; Smart Phonetic ত Settings → Smart Phonetic Refinements ত অন কৰক।
Image to Text-ত drag-drop কাম নকৰেSoftware Administrator হিচাপে চলাৰ বাবে Windows-এ Drag & Drop block কৰে। ইয়াৰ সলনি 📂 Open File বা 📋 Paste ব্যৱহাৰ কৰক।
Install কৰাৰ সময়ত "Windows protected your PC" বা Antivirus এ Virus/Threat বুলি ধৰেApp টো সঁচাকৈ virus নহয় — Microsoft signing certificate নথকাৰ বাবেহে হয়। সবিশেষ পদক্ষেপৰ বাবে Installation Guide ৰ "Windows / Antivirus সতৰ্কবাণী" অংশ চাওক।
Install কৰাৰ সময়ত Blue Screen (BSOD) আহেRestart কৰক, Windows Update কৰক, Antivirus সাময়িকভাৱে বন্ধ কৰি পুনৰ চেষ্টা কৰক। সবিশেষ জানিবৰ বাবে Installation Guide চাওক; নাথাকিলে Error code লৈ Support ক জনাওক।

💬 যোগাযোগ ও সহায় · Contact & Support

কিবা সমস্যা বা প্ৰশ্ন থাকিলে আমাৰ লগত যোগাযোগ কৰক:

মাধ্যমঠিকনা
Websitewww.axomlipipro.com
Email[email protected]
ফোন / WhatsApp+91 93656 70356

AxomLipi Pro — অসমীয়া, বেংগলী টাইপিঙৰ সম্পূৰ্ণ সমাধান · © 2026 AxomLipi Pro. সৰ্বস্বত্ব সংৰক্ষিত।