AxomLipi Pro — ব্যৱহাৰকাৰীৰ হাতপুথি
অসমীয়া, বেংগলী আৰু হিন্দী টাইপিঙৰ সম্পূৰ্ণ সমাধান। এই সহায়িকাত আপুনি প্ৰতিটো কীবৰ্ড লেআউট, প্ৰতিটো টুল আৰু শ্বৰ্টকাটৰ সম্পূৰ্ণ বিৱৰণ পাব — একেবাৰে নতুন ব্যৱহাৰকাৰীয়েও চাই চাই টাইপ কৰিবলৈ শিকিব পাৰিব।
📘 পৰিচয় · Introduction
AxomLipi Pro হৈছে Windows ৰ বাবে এটা সম্পূৰ্ণ অসমীয়া, বেংগলী আৰু হিন্দী টাইপিং Suite। এইটো এটা system-wide keyboard — অৰ্থাৎ Word, Excel, PowerPoint, Photoshop, Illustrator, InDesign, PageMaker, ব্ৰাউজাৰ, Facebook, WhatsApp Web — যিকোনো এপ্লিকেশ্যনতে একে দৰে কাম কৰে।
এটাই software ত আপুনি পাব:
- ৭ টা কীবৰ্ড লেআউট — অসমীয়া/বেংগলী Inscript, অসমীয়া Unicode, অসমীয়া Smart Phonetic, অসমীয়া/বেংগলী Linguistic, হিন্দী Inscript, হিন্দী Unicode, হিন্দী Phonetic।
- ভইচ টাইপিং — মাইক্ৰোফোনত কথা কৈ লিখা (Whisper AI, অফলাইন)।
- ফন্ট কনভাৰ্টাৰ — Unicode ↔ গীতাঞ্জলি লিগ্যাচী ফন্ট দুয়োফালে ৰূপান্তৰ (PageMaker ৰ বাবে)।
- PDF কনভাৰ্টাৰ — PDF ফাইল Unicode/গীতাঞ্জলিলৈ ৰূপান্তৰ (টেক্সট-লেয়াৰ + OCR দুয়ো)।
- বানান পৰীক্ষক + AI ব্যাকৰণ সংশোধন।
- ছবিৰ পৰা লিখা (OCR), অনুবাদক, ব্ৰাউজাৰ, নোটপেড, ক্লিপবৰ্ড ইতিহাস আদি।
💿 ইনষ্টল গাইড · Installation Guide
AxomLipi Pro ইনষ্টল কৰাটো সহজ — তলৰ পদক্ষেপবোৰ অনুসৰণ কৰক। Setup ফাইলটো (AxomLipiPro-Setup.exe) axomlipipro.com ৰ পৰা ডাউনলোড কৰি ডাবল-ক্লিক কৰক।
SP1 থকা সত্বেও যদি পিছৰ পদক্ষেপত .NET Framework 4.8 install কৰোঁতে "A certificate chain processed, but terminated in a root certificate which is not trusted by the trust provider" বুলি error আহে, তেন্তে ২০১৯ চনৰ পিছত Windows Update নচলোৱা পুৰণি Windows 7 ত এইটো সাধাৰণ সমস্যা (Microsoft এ Windows Update ৰ নিৰাপত্তা-পদ্ধতি সলনি কৰাৰ বাবে)। সমাধান কৰিবলৈ তলৰ দুটা update ক্ৰমানুসাৰে (প্ৰথমে ১নং, তাৰ পিছত ২নং) install কৰক, প্ৰতিটোৰ পিছত কম্পিউটাৰ restart কৰি:
- KB4490628 — Servicing Stack Update (2019-03) — 64-bit PC ৰ বাবে "x64-based Systems" ভাৰ্শ্যনটো বাছক
- KB4474419 — SHA-2 Code Signing Support Update (2019-09) — 64-bit PC ৰ বাবে "x64-based Systems" ভাৰ্শ্যনটো বাছক
নিজৰ PC 32-bit নে 64-bit চাবলৈ: একে Control Panel → System পেজতে "System type" ৰ কাষত লিখা থাকে।
পদক্ষেপ ১ — স্বাগতম স্ক্ৰীন
Setup খুলিলে স্বাগতম স্ক্ৰীন ওলায়। আগবাঢ়িবলৈ Next টিপক। (শুদ্ধ ফলাফলৰ বাবে অন্য এপ্বোৰ বন্ধ কৰি লোৱা ভাল।)
পদক্ষেপ ২ — Software টো ইনষ্টল কৰা ঠাই বাছনি
কোন ফোল্ডাৰত ইনষ্টল হ'ব সেইটো দেখুৱায় (সাধাৰণতে C:\Program Files (x86)\AxomLipi Pro)। সলনি কৰিব নিবিচাৰিলে Next টিপক। (অলপ ~455 MB খালী ঠাই লাগে।)
পদক্ষেপ ৩ — Start Menu ফোল্ডাৰ
Start Menu ত শ্বৰ্টকাটৰ নাম। সাধাৰণতে এনেদৰেই ৰাখি Next টিপক।
পদক্ষেপ ৪ — অতিৰিক্ত কাম
দুটা বিকল্প: Desktop ত আইকন বনাওক আৰু Windows আৰম্ভ হ'লে নিজে চলক — দুয়োটা টিক কৰি ৰখাটো পৰামৰ্শ দিয়া হয়। Next টিপক।
পদক্ষেপ ৫ — ইনষ্টল কৰক
আপোনাৰ বাছনিৰ সাৰাংশ দেখি Install টিপক। কেইছেকেণ্ডমানৰ ভিতৰত ফাইলবোৰ কপি হয়।
পদক্ষেপ ৬ — সম্পূৰ্ণ!
ইনষ্টল শেষ হ'লে Finish টিপক। এতিয়া Desktop বা Start Menu ৰ "AxomLipi Pro" আইকনত ক্লিক কৰি এপ্টো খোলক।
⚠️ Windows / Antivirus এ সতৰ্কবাণী দিলে কি কৰিব
AxomLipi Pro একেবাৰে Microsoft ৰ পৰা code-signing certificate ৰে signed নহয় (প্ৰথম অৱস্থাত এটা সৰু software ৰ বাবে certificate টোৰ প্ৰয়োজন নাই আৰু ই যথেষ্ট খৰচী) — সেয়েহে Windows Defender আৰু Antivirus software বোৰে অচিনাক/নতুন software দেখিলেই সাৱধানতাৰ বাবে সতৰ্কবাণী দেখুৱাব পাৰে। এইটো সাধাৰণ কথা আৰু App টো সঁচাকৈ virus/malware নহয় — তলৰ পদক্ষেপবোৰেৰে নিশ্চিন্তে আগবাঢ়িব পাৰে।
1. "Windows protected your PC" (SmartScreen) সতৰ্কবাণী
Setup ফাইল খোলাৰ প্ৰথম মুহূৰ্তত নীলা/বগা এখন স্ক্ৰীনত এইটো ওলাব পাৰে। ইয়াৰ অর্থ কেবল এইটোৱেই যে এই installer টো এতিয়ালৈকে বহুত মানুহে ডাউনলোড কৰা নাই (Microsoft ৰ SmartScreen reputation system এ চিনি পোবা নাই), virus নাই এইটো প্ৰমাণ নহয়।
2. Antivirus / Windows Defender এ "Virus" বা "Threat" বুলি ধৰিলে
কিছুমান উন্নত মানৰ code-protection ব্যৱহাৰ কৰা (piracy ৰোধ কৰিবলৈ) সৰু software-বিলাকত এই ধৰণৰ false positive (ভুল সতৰ্কবাণী) বহুত সঘনাই দেখা পোৱা যায়, কিয়নো antivirus এ "protected/packed" code চিনি পোৱাত অসুবিধা পায়। AxomLipi Pro ৰ ভিতৰত কোনো ধৰণৰ virus, malware বা spyware নাই।
Windows Defender ত Exception যোগ কৰাৰ পদক্ষেপ:
Windows Security খোলক
Start মেনুত "Windows Security" লিখি খোলক, বা Settings → Privacy & security → Windows Security।
Virus & threat protection
"Virus & threat protection" ত ক্লিক কৰক, তাৰ পিছত "Manage settings"।
Exclusions যোগ কৰক
তললৈ scroll কৰি "Exclusions" ৰ তলত "Add or remove exclusions" → "+ Add an exclusion" → "Folder" বাছক।
Install ফোল্ডাৰ বাছক
C:\Program Files (x86)\AxomLipi Pro ফোল্ডাৰটো বাছি দিয়ক (Install কৰাৰ আগতেই setup ফাইলটো block হ'লে, Setup ফাইলটোৰ ঠাইখিনি বা Downloads ফোল্ডাৰটো "File" হিচাপে যোগ কৰক)।
অন্য Antivirus (AVG, Avast, Norton, McAfee আদি) ব্যবহাৰ কৰিলে সাধাৰণতে ইয়াৰ নিজৰ মেনুত Settings → Exceptions/Exclusions/Whitelist নামৰ বিকল্প থাকে — একেই পদ্ধতিৰে ফোল্ডাৰ বা ফাইলটো যোগ কৰক। নিশ্চিত নহ'লে সেই Antivirus ৰ Help/Support চাওক।
3. Windows Firewall ৰ সতৰ্কবাণী
Trial/License পৰীক্ষা কৰিবলৈ AxomLipi Pro ক ইণ্টাৰনেটৰ সংযোগ লাগে, সেয়ে প্ৰথমবাৰ "Windows Defender Firewall has blocked some features" বুলি এটা বাকচ ওলাব পাৰে। "Allow access" (অনুমতি দিয়ক) ক্লিক কৰক — নিদিলে Trial/activation ৰ কাম নকৰিব পাৰে।
4. Install কৰাৰ সময়ত Blue Screen (BSOD) আহিলে
এটা সাধাৰণ installer-এ (ড্ৰাইভাৰ install নকৰা software) সচৰাচৰ Blue Screen নেদেখুৱায় — এইটো সাধাৰণতে Windows/Driver/Hardware সমূহৰ ওপৰত নিৰ্ভৰ কৰে। তথাপিও যদি হয়, এই পদক্ষেপবোৰ অনুসৰণ কৰক:
Restart কৰক
কম্পিউটাৰ স্বাভাৱিকভাবে পুনৰাই আৰম্ভ কৰক — সাধাৰণতে এইটো মাত্ৰ এবাৰৰ বাবে ঘটা সাময়িক সমস্যা।
Windows Update চাওক
Settings → Windows Update ত গৈ সকলো pending update install কৰক — পুৰণি/অসম্পূৰ্ণ Windows-ত এনে সমস্যা বেছি হয়।
Antivirus সাময়িকভাবে বন্ধ কৰি চেষ্টা কৰক
তৃতীয়-পক্ষৰ (AVG, Avast আদি) Antivirus ৰ real-time protection সাময়িকভাবে বন্ধ কৰি আকৌ install কৰি চাওক (Install শেষ হ'লে আকৌ অন কৰি দিয়ক)।
Error code টো টুকি লওক
Blue Screen ত সাধাৰণতে এটা code থাকে (যেন IRQL_NOT_LESS_OR_EQUAL) — এইটোৰ এটা ফটো তুলি ৰাখক, Support ক জনালে সহায় হ'ব।
🚀 আৰম্ভ কৰক · Getting Started
এপ্টো খুলিলে এই মূল উইণ্ডো (Home screen) দেখিব — ওপৰত Language Mode, মাজত Keyboard Mode কাৰ্ড, আৰু তলত Quick Tools।
ওপৰৰ অংশ (Header)
- বাওঁফালে এতিয়া কোনটো মোড ACTIVE আৰু Trial কেইদিন বাকী।
- Turn OFF AS/Bengali/Hindi Toggle Button — Ctrl + Space ৰ সমান (ON/OFF)।
- Language Bar Toggle — F9 Shrtcut Key।
- সোঁফালে Dark Mode বুটাম (থিম সলনি)।
Tools Hide / Unhide — তলৰফালে Curve Shape ত থকা বুটাম
মূল উইণ্ডোৰ মাজত তলৰ ফালে এটা বেঁকা (curve) আকৃতিৰ বুটাম (গোলাকাৰ ⌄ / ⌃ Arrow/কাঁড়ৰ নিচিনা) থাকে। ইয়াত টিপিলে তলৰ Quick Tools অংশটো ওলায়; আকৌ টিপিলে লুকাই যায় — যাতে স্ক্ৰীন সৰু আৰু পৰিষ্কাৰ ৰাখিব পাৰে।
🚀 সাৰাংশ — ৫ পদক্ষেপত আৰম্ভ কৰক
ইনষ্টল কৰক
Setup ফাইলত ডাবল-ক্লিক কৰি AxomLipi Pro ইনষ্টল কৰক। ইনষ্টলৰ পিছত ই Windows আৰম্ভ হোৱাৰ লগে লগে নিজে চলিবলৈ ধৰে।
ট্ৰে আইকন বিচাৰক
এপটো চলি থাকিলে ই ঘড়ীৰ ওচৰত (screen ৰ তলৰ সোঁফালে, system tray ত) এটা সৰু আইকন হিচাপে থাকে। আইকনত ক্লিক কৰিলে মূল উইণ্ডো খোল খায়।
মোড বাছনি কৰক
মূল উইণ্ডোত থকা Keyboard Mode কাৰ্ডবোৰৰ পৰা আপোনাৰ পচন্দৰ লেআউট (Inscript / Linguistic / Unicode / Smart Phonetic আদি) বাছি লওক।
অন/অফ কৰক
যিকোনো ঠাইত Ctrl + Space টিপি অসমীয়া/বেংগলী/হিন্দী আৰু ইংৰাজীৰ মাজত সলনি কৰক। ভাঁহি থকা ভাষা বাৰে (Language Bar) কোনটো মোড সক্ৰিয় সদাই দেখুৱায়।
টাইপ কৰক!
এতিয়া Word, ব্ৰাউজাৰ বা যিকোনো এপ্ত গৈ লিখিবলৈ আৰম্ভ কৰক।
System Tray মেনু
ঘড়ীৰ ওচৰৰ (system tray) AxomLipi Pro আইকনত ৰাইট-ক্লিক কৰিলে এই দ্ৰুত মেনুখন ওলায় — ইয়াৰ পৰা মূল উইণ্ডো নোখোলাকৈ যিকোনো টুল বা মোড (শ্বৰ্টকাটসহ) খুলিব পাৰে। Keyboard Mode ৰ ওপৰত মাউছ ৰাখিলে ৭টা মোডৰ এটা sub-menu হ'ভাৰ কৰি খোল খায়। মেনুখনত এতিয়া PDF Converter, AI Spell & Grammar Check, Clipboard History আৰু Notepad ও যোগ কৰা হৈছে।
🪧 ভাষা বাৰ আৰু মোড সলনি · Language Bar & Mode Switching
স্ক্ৰীনত সদায় ভাঁহি থকা এডাল সৰু Language Bar এ দেখুৱায় এতিয়া কোন ভাষা/মোড সক্ৰিয় হৈ আছে। আপুনি ইয়াক টানি (drag) যিকোনো ঠাইত ৰাখিব পাৰে, আৰু এক ক্লিকতে মোড সলনি কৰিব পাৰে।
| কাম | শ্বৰ্টকাট |
|---|---|
| ইংৰাজী/অসমীয়া টগল (অন/অফ) | Ctrl + Space |
| অসমীয়া Unicode মোড | Ctrl + Shift + Alt + U |
| অসমীয়া Inscript (গীতাঞ্জলি) | Ctrl + Shift + Alt + A |
| অসমীয়া Smart Phonetic | Ctrl + Shift + Alt + P |
| হিন্দী Inscript | Ctrl + Shift + Alt + H |
| হিন্দী Unicode | Ctrl + Shift + H |
| অসমীয়া/বেংগলী Linguistic | Ctrl + Shift + Alt + L |
| ভাষা বাৰ দেখুৱাওক/লুকুৱাওক | F9 |
⌨️ ৭টা টাইপিং মোড · The Seven Modes
আপোনাৰ পছন্দ আৰু অভ্যাস অনুসৰি যিকোনো মোড বাছি লওক। তলত প্ৰতিটোৰ চমু পৰিচয় দিয়া হ'ল; তাৰ পিছত প্ৰতিটোৰ সম্পূৰ্ণ কীবৰ্ড লেআউট দিয়া আছে।
অসমীয়া Inscript
চৰকাৰী INSCRIPT লেআউট। প্ৰতিটো কীত এটা নিৰ্দিষ্ট অসমীয়া আখৰ। DTP/ডিজাইনাৰৰ বাবে আদৰ্শ।
অসমীয়া Unicode
একেই INSCRIPT লেআউট, কিন্তু আউটপুট আধুনিক Unicode — Facebook, Word, ব্ৰাউজাৰ আদি সকলোতে চলে।
অসমীয়া Smart Phonetic
ইংৰাজীত উচ্চাৰণ অনুসৰি লিখক, আখৰে আখৰে তৎক্ষণাৎ অসমীয়া ওলায়। নতুন ব্যৱহাৰকাৰীৰ বাবে আটাইতকৈ সহজ। ইয়াৰ ভিতৰতে দুটা key layout বাছি ল'ব পাৰি — SMS style (ডিফল্ট, সাধাৰণ শব্দৰ অভিধান সহ) আৰু Classic Phonetic (Avro-style, শুদ্ধ letter-by-letter, dictionary নাই) — তলত বিতং।
অসমীয়া/বেংগলী Linguistic
Bijoy-style লিগ্যাচী লেআউট — অসমীয়া আৰু বেংগলী উভয় ভাষাৰ পুৰণি ফন্ট (Geetanjali) ৰ বাবে উপযুক্ত।
হিন্দী Inscript
চৰকাৰী হিন্দী INSCRIPT কীবৰ্ড — অভ্যস্ত টাইপিষ্ট আৰু চৰকাৰী কামৰ বাবে।
হিন্দী Unicode
একেই INSCRIPT লেআউট, আউটপুট আধুনিক দেৱনাগৰী Unicode।
হিন্দী Phonetic
ইংৰাজীত উচ্চাৰণ লিখক, হিন্দী পাওক।
🅰️ অসমীয়া/বেংগলী Inscript লেআউট
Inscript মোডত কীবৰ্ডৰ প্ৰতিটো কীত এটা নিৰ্দিষ্ট অসমীয়া আখৰ fix হৈ থাকে। তলৰ ছবি দুখন চাই কোন কীত কি আখৰ আছে শিকি লওক — NORMAL (Normal কী টিপিলে) আৰু SHIFT (Shift ধৰি টিপিলে)।
প্ৰতিটো কীত: ওপৰৰ বাওঁফালে ইংৰাজী কী, মাজত NORMAL আখৰ, ওপৰৰ সোঁফালে সৰুকৈ SHIFT আখৰ।
🔗 LINK কী — যুক্তাক্ষৰ কেনেকৈ বনায়
D কী হৈছে LINK (সংযোগ) কী — দুটা ব্যঞ্জনক যুক্ত কৰি যুক্তাক্ষৰ বনাবলৈ ইয়াক ব্যৱহাৰ কৰা হয় (ভিতৰত ই ্ হসন্ত বহুৱায়)। দুটা ব্যঞ্জনৰ মাজত LINK কী টিপক:
| আপুনি টিপক | ফল | উদাহৰণ |
|---|---|---|
| H + D + J | প + ্ + ৰ = প্ৰ | প্ৰথম |
| K + D + ' | ক + ্ + ট = ক্ট | ডক্টৰ |
| K + D + M | ক + ্ + স = ক্স | টেক্সট |
এই দুটা যুক্তাক্ষৰ ঠিককৈ লিখিবলৈ তলৰ শ্বৰ্টকাট ব্যৱহাৰ কৰক:
| যুক্তাক্ষৰ | টিপিব লগা কী |
|---|---|
| ক্স | Ctrl + Alt + , |
| ক্ট | Shift + Ctrl + Alt + " |
✍️ উদাহৰণ — শব্দ এটা কেনেকৈ লিখিব
| শব্দ | কী ক্ৰম (Inscript) |
|---|---|
| অসম | Shift+D M C → অ + স + ম |
| কিতাপ | K F L E H → ক+ি+ত+া+প |
| প্ৰথম | H D J L C → প্ৰ+থ... |
🅱️ অসমীয়া/বেংগলী Linguistic লেআউট
Linguistic মোড হৈছে Bijoy-style পুৰণি লিগ্যাচী ফন্টৰ বাবে তৈয়াৰ কৰা কীবৰ্ড লেআউট। এই মোড অসমীয়া আৰু বেংগলী উভয়ৰ বাবে ব্যৱহাৰ কৰিব পাৰি। তলৰ ছবি দুখন চাই কোন কীত কি আখৰ আছে শিকি লওক — NORMAL (শুধু কী টিপিলে) আৰু SHIFT (Shift ধৰি টিপিলে)।
প্ৰতিটো কীত: ওপৰৰ বাওঁফালে ইংৰাজী কী, মাজত NORMAL আখৰ, ওপৰৰ সোঁফালে সৰুকৈ SHIFT আখৰ।
🔗 LINK কী — যুক্তাক্ষৰ কেনেকৈ বনায়
D কী হৈছে LINK (সংযোগ) কী — দুটা ব্যঞ্জনক যুক্ত কৰি যুক্তাক্ষৰ বনাবলৈ ইয়াক ব্যৱহাৰ কৰা হয় (ভিতৰত ই ্ হসন্ত বহুৱায়)। দুটা ব্যঞ্জনৰ মাজত LINK কী টিপক:
| আপুনি টিপক | ফল | উদাহৰণ |
|---|---|---|
| S + D + F | ক + ্ + ত = ক্ত | ৰক্ত |
| W + D + J | প + ্ + ৰ = প্ৰ | প্ৰথম |
এই দুটা যুক্তাক্ষৰ ঠিককৈ লিখিবলৈ তলৰ শ্বৰ্টকাট ব্যৱহাৰ কৰক:
| যুক্তাক্ষৰ | টিপিব লগা কী |
|---|---|
| ক্স | Ctrl + Alt + , |
| ক্ট | Shift + Ctrl + Alt + " |
✍️ কাৰসমূহ — NORMAL মোডত
ি (ই-কাৰ)
চুটি ই স্বৰৰ কাৰ — যেনে কিতাপ।
া (আ-কাৰ)
দীঘল আ স্বৰৰ কাৰ — যেনে কাম, খাজানা।
ী (ঈ-কাৰ)
দীঘল ঈ স্বৰৰ কাৰ — যেনে নদী।
ু (উ-কাৰ)
চুটি উ স্বৰৰ কাৰ — যেনে কুকুৰ।
ূ (ঊ-কাৰ)
দীঘল ঊ স্বৰৰ কাৰ — যেনে ভূমি।
ে (এ-কাৰ)
এ স্বৰৰ কাৰ — যেনে ঠেলা, দেশ।
ৗ (দীঘল চিহ্ন অংশ)
নিজে ব্যৱহাৰ নহয় — L ৰ পিছত টিপিলে ে + ৗ = ৌ (ঔ-কাৰ) হয়।
ৈ (ঐ-কাৰ)
ঐ স্বৰৰ কাৰ — যেনে বৈঠক।
🅰️ অসমীয়া Unicode লেআউট
অসমীয়া Unicode মোডৰ কীবৰ্ড লেআউট অবিকল Inscript ৰ দৰেই — প্ৰতিটো কীৰ অৱস্থান একে। পাৰ্থক্য কেৱল এটা: ইয়াৰ আউটপুট আধুনিক Unicode, গতিকে ই Facebook, WhatsApp, MS Word, Photoshop, ব্ৰাউজাৰ আদি সকলো আধুনিক এপ্ত নিখুঁতভাৱে চলে।
অসমীয়া সংখ্যা
Unicode মোডত সংখ্যাৰ শাৰীয়ে স্বয়ংক্ৰিয়ভাৱে অসমীয়া সংখ্যা দিয়ে — ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ০। (Inscript/গীতাঞ্জলি মোডত সাধাৰণ 1-0 থাকে।)
LINK কী একেই
যুক্তাক্ষৰৰ বাবে D (LINK / ্) কী Inscript ৰ দৰেই কাম কৰে।
- ইয়াক অন/অফ কৰিবলৈ: Settings → Keyboard ত "Show word-completion suggestions while typing" — ডিফল্টভাৱে ON।
- ই কাম কৰে অসমীয়া Unicode, Smart Phonetic (SMS style + Classic Phonetic দুয়োটা layout) আৰু Inscript Typing — তিনিওটা মোডতে, টাইপ কৰি থাকোঁতেই।
- PageMaker আৰু InDesign ত (Inscript/Linguistic legacy টাইপিঙত) শব্দটো শেষ কৰাৰ পিছত পৰৱৰ্তী শব্দৰ পৰামৰ্শ দেখুৱায়।
- Notepad, MS Word, Photoshop, InDesign, PageMaker আৰু আন বেছিভাগ Windows এপ্ত ভালদৰে কাম কৰে — অৰ্থাৎ কেৱল PageMaker নহয়, আপুনি যি software-তে অসমীয়া টাইপ কৰে তাতে এই সুবিধা পাব।
🔤 অসমীয়া Smart Phonetic
এই মোডত আপুনি ইংৰাজী (Roman) আখৰেৰে উচ্চাৰণ অনুসৰি লিখে, আৰু প্ৰতিটো আখৰ টিপাৰ লগে লগে তৎক্ষণাৎ পৰ্দাত অসমীয়া Unicode ওলাই আহে (আন মোডবোৰৰ দৰেই real-time) — গোটেই শব্দ শেষ হোৱালৈকে অপেক্ষা কৰিব নালাগে। Space, Enter, Tab বা যতি চিহ্নই শব্দটো সাঙুৰি (finalize) সাধাৰণ শব্দৰ অভিধানৰ সৈতে শেষবাৰ পৰীক্ষা কৰে, প্ৰয়োজন হ'লে শুদ্ধ ৰূপলৈ সলনি কৰে।
| আপুনি লিখক | আপুনি পায় |
|---|---|
| moi | মই |
| ami | আমি |
| bharat | ভাৰত |
| amar axom | আমাৰ অসম |
- দীঘল মিল প্ৰথমে — kh = খ (k = ক ৰ আগতে)।
- সাধাৰণ শব্দৰ অভিধান প্ৰথমে চোৱা হয় — moi → মই (শুদ্ধ বানান)।
- ব্যঞ্জন নিজে যুক্ত হয় — ndr → ন্দ্ৰ।
- ব্যঞ্জনৰ পিছত স্বৰ মাত্ৰা হয়, নহ'লে স্বতন্ত্ৰ ৰূপ।
- Backspace এ Roman buffer ৰ লগে লগে কাম কৰে।
১. স্বৰ — Vowels
স্বতন্ত্ৰ স্বৰ (শব্দৰ আৰম্ভণিত)
| Roman | অসমীয়া | Roman | অসমীয়া | Roman | অসমীয়া |
|---|---|---|---|---|---|
| A | অ | aa / AA | আ | I | ই |
| ii / II | ঈ | U | উ | uu / UU | ঊ |
| RR | ঋ | E | এ | ai / OI | ঐ |
| O | ও | au / OU | ঔ |
স্বৰচিহ্ন / মাত্ৰা (ব্যঞ্জনৰ পিছত — উদাহৰণ: k = ক)
| Roman | মাত্ৰা | উদাহৰণ | Roman | মাত্ৰা | উদাহৰণ |
|---|---|---|---|---|---|
| a | া | কা | i | ি | কি |
| ii | ী | কী | u | ু | কু |
| uu | ূ | কূ | rr | ৃ | কৃ |
| e | ে | কে | oi | ৈ | কৈ |
| o | ো | কো | ou | ৌ | কৌ |
২. ব্যঞ্জন — Consonants
| Roman | অ. | Roman | অ. | Roman | অ. | Roman | অ. |
|---|---|---|---|---|---|---|---|
| k | ক | kh | খ | g | গ | gh | ঘ |
| ng | ঙ | c | চ | ch | ছ | j | জ |
| jh | ঝ | ny | ঞ | T | ট | Th | ঠ |
| D | ড | Dh | ঢ | N | ণ | t | ত |
| th | থ | d | দ | dh | ধ | n | ন |
| p | প | ph / f | ফ | b | ব | bh | ভ |
| m | ম | J | য | r / R | ৰ | l | ল |
| w / v | ৱ | s / x | স | sh | শ | Sh | ষ |
| h | হ | y | য় | rd | ড় | Rh | ঢ় |
৩. যুক্তাক্ষৰ — Conjuncts
বেছিভাগ যুক্তাক্ষৰ নিজে হয় — দুটা ব্যঞ্জন লিখিলে মাজত ্ হসন্ত বহে। কিছুমান বিশেষ:
| Roman | অসমীয়া | Roman | অসমীয়া | Roman | অসমীয়া |
|---|---|---|---|---|---|
| ksh | ক্ষ | tr | ত্ৰ | jny / Gn | জ্ঞ |
| shr | শ্ৰ | str | স্ত্ৰ | ddh | দ্ধ |
| pr | প্ৰ | kr | ক্ৰ | gr | গ্ৰ |
| nd | ন্দ | nt | ন্ত | st | স্ত |
৪. বিশেষ চিহ্ন আৰু সংখ্যা
| Roman | অসমীয়া | নাম |
|---|---|---|
| M | ং | অনুস্বাৰ |
| H | ঃ | বিসৰ্গ |
| W | ঁ | চন্দ্ৰবিন্দু |
| tT / Tt | ৎ | খণ্ড-ত বা হসন্ত |
| 0-9 | ০–৯ | সংখ্যা (Settings ত অন কৰিব লাগে) |
৫. সাধাৰণ শব্দৰ অভিধান (১,২৭৫+ শব্দ)
সঘনাই ব্যৱহৃত হোৱা শব্দবোৰ অভিধানত আছে, গতিকে সেইবোৰ সদায় শুদ্ধ বানানত ওলায়। কেইটামান উদাহৰণ:
| Roman | অ. | Roman | অ. | Roman | অ. |
|---|---|---|---|---|---|
| moi | মই | tumi | তুমি | apuni | আপুনি |
| manuh | মানুহ | ghor | ঘৰ | pani | পানী |
| bhal | ভাল | dhuniya | ধুনীয়া | dangor | ডাঙৰ |
| guwahati | গুৱাহাটী | axom | অসম | dhonyobad | ধন্যবাদ |
| namaskar | নমস্কাৰ | kene ase | কেনে আছে | subh raati | শুভ ৰাতি |
🅲 Classic Phonetic লেআউট
Smart Phonetic মোডৰ ভিতৰতে দ্বিতীয় এটা key layout — Classic Phonetic (Avro-style)। SMS style ৰ পৰা মূল পাৰ্থক্য: ইয়াত কোনো সাধাৰণ শব্দৰ অভিধান নাই — সম্পূৰ্ণ letter-by-letter (শুদ্ধ আখৰ-ভিত্তিক), আৰু a নিজেই অ (inherent vowel, ব্যঞ্জনৰ পিছত কোনো মাত্ৰা নালাগে — যেনে ka → ক, নহয় কা)।
| আপুনি লিখক | আপুনি পায় |
|---|---|
| mai | মই |
| moi | মৈ |
| carakaar | চৰকাৰ |
| bharat | ভাৰত |
স্বতন্ত্ৰ স্বৰ / মাত্ৰা (a = অ, ব্যঞ্জনৰ পিছত মাত্ৰা নিজে গঠন হয়)
| Roman | অসমীয়া | Roman | অসমীয়া | Roman | অসমীয়া |
|---|---|---|---|---|---|
| a | অ | aa | আ | i | ই |
| ii / ee | ঈ | u | উ | uu | ঊ |
| rri | ঋ | e | এ | oi | ঐ |
| o | ও | ou | ঔ |
ব্যঞ্জনৰ পিছত ওপৰৰ একেই Roman কী এ মাত্ৰা দিয়ে (যেনে k+aa = কা, k+i = কি) — a ৰ কোনো মাত্ৰা নাই (inherent vowel)।
ব্যঞ্জন — Consonants
| Roman | অ. | Roman | অ. | Roman | অ. | Roman | অ. |
|---|---|---|---|---|---|---|---|
| k | ক | kh | খ | g | গ | gh | ঘ |
| Ng | ঙ | c | চ | ch | ছ | j | জ |
| jh | ঝ | nG | ঞ | T | ট | Th | ঠ |
| D | ড | Dh | ঢ | N | ণ | t | ত |
| th | থ | d | দ | dh | ধ | n | ন |
| p | প | ph / f | ফ | b | ব | bh | ভ |
| m | ম | z | য | r | ৰ | l | ল |
| w / v | ৱ | x / sh | শ | S | ষ | s | স |
| h | হ | y | য় | X | ক্ষ | t~ | ৎ |
| R | ড় | Rh | ঢ় | G | জ্ঞ |
যুক্তাক্ষৰ ও হসন্ত — Conjuncts & Hasanta
দুটা ব্যঞ্জন পাছে পাছে (মাজত স্বৰ নথকাকৈ) লিখিলে নিজে ্ হসন্তেৰে যুক্ত হয় — যেনে ukta → উক্ত। ইচ্ছা কৰি হসন্ত বহুৱাবলৈ ` (backtick) কী আছে।
| আপুনি লিখক | আপুনি পায় | টোকা |
|---|---|---|
| ukta | উক্ত | ক + ্ + ত (নিজে যুক্ত) |
| bandar | বন্দৰ | ন + ্ + দ |
| mantrii | মন্ত্ৰী | ন+্+ত+্+ৰ (একাধিক) |
| krriSNa | কৃষ্ণ | ষ + ্ + ণ |
| ekalabya | একলব্য | ব+্+য (য-ফলা, য়-নুক্তা নাযায়) |
| anjan | অঞ্জন | ন স্বয়ংক্ৰিয়ভাৱে ঞ হয় (চ/ছ/জ/ঝৰ আগত) |
নুক্তা, সংখ্যা আৰু যতিচিহ্ন
| Roman | অসমীয়া | নাম |
|---|---|---|
| ^ | ঁ | চন্দ্ৰবিন্দু |
| ng | ং | অনুস্বাৰ |
| H | ঃ | বিসৰ্গ |
| & | ় | নুক্তা (কোনো ব্যঞ্জনৰ পিছত, যেনে D& = ড়) |
| * | ৺ | ইছৰ (সন্মানসূচক) |
| 0-9 | ০–৯ | সংখ্যা |
| . | । | দাড়ি |
| .. | ॥ | দুই দাড়ি |
| , | ‚ | কমা |
| ; | ; | ছেমিকলন |
| ' | ‘ / ’ | quote (প্ৰথমবাৰ খোলা, পিছৰবাৰ বন্ধ — সলনি সলনি) |
💰 ৰুপী চিহ্ন — Ctrl+Alt+4
যিকোনো মোডত (Classic Phonetic হওক বা নহওক) Ctrl + Alt + 4 টিপিলে তৎক্ষণাৎ ₹ চিহ্ন টাইপ হয়।
✍️ অধিক উদাহৰণ
| Roman | অ. | Roman | অ. | Roman | অ. |
|---|---|---|---|---|---|
| asam | অসম | aamaar | আমাৰ | imaan | ইমান |
| iirSaa | ঈৰ্ষা | rritu | ঋতু | oiraavat | ঐৰাৱত |
| olag | ওলগ | haa^h | হাঁহ | kalam | কলম |
| kaalaam | কালাম | kitaap | কিতাপ | kiirtan | কীৰ্তন |
| kuTil | কুটিল | krriSi | কৃষি | kerelaa | কেৰেলা |
| koilaas | কৈলাস | komal | কোমল | kouxal | কৌশল |
| bhakti | ভক্তি | bidagdha | বিদগ্ধ | ucca | উচ্চ |
| plaavan | প্লাৱন | Dibru | ডিব্ৰু | pashcim | পশ্চিম |
| Gaan | জ্ঞান | bhaNDa | ভণ্ড | bandar | বন্দৰ |
🇮🇳 হিন্দী লেআউটসমূহ · Hindi Layouts
একেই software ৰ পৰাই আপুনি হিন্দী (দেৱনাগৰী) ও টাইপ কৰিব পাৰে — তিনিটা ধৰণে।
হিন্দী Inscript / Unicode
চৰকাৰী হিন্দী INSCRIPT লেআউট। Inscript মোডে পুৰণি/লিগ্যাচী হিন্দী ফন্টৰ বাবে, Unicode মোডে আধুনিক দেৱনাগৰী Unicode আউটপুট দিয়ে — কীৰ অৱস্থান দুয়োটাতে একেই।
হিন্দী Phonetic
ইংৰাজীত উচ্চাৰণ লিখক, Space টিপিলেই হিন্দী — যেনে:
| আপুনি লিখক | আপুনি পায় |
|---|---|
| namaste | नमस्ते |
| bharat | भारत |
| dhanyavaad | धन्यवाद |
🎤 ভইচ টাইপিং · Voice Typing
মাইক্ৰোফোনত অসমীয়াত কথা কওক, লিখা হৈ যাব। ই Whisper AI ৰে চলে — সম্পূৰ্ণ অফলাইন, আপোনাৰ কণ্ঠস্বৰ কোনো server লৈ নাযায়।
খোলক
Ctrl + Alt + V টিপক বা Voice Typing বুটামত ক্লিক কৰক।
মাইক পৰীক্ষা
ওপৰৰ মাইক তালিকাৰ পৰা সঠিক device বাছক; কথা ক'লে VU bar নাচিলে মাইক ঠিক আছে।
ৰেকৰ্ড কৰক
🔴 Start ত ক্লিক কৰি স্পষ্টকৈ অসমীয়াত কওক। কথা শেষ হ'লে নিজে ৰৈ যায় (বা ⏹ Stop টিপক)।
সংশোধন (ঐচ্ছিক)
🔍 Spell এ ভুল শব্দ ৰঙা কৰে; ✨ Polish এ AI ৰে গোটেই লিখা সুন্দৰ কৰে।
পঠিয়াওক
✓ Send টিপি লিখাটো সক্ৰিয় এপ্লৈ পঠাওক, বা 📄 Copy কৰক।
🔄 ফন্ট কনভাৰ্টাৰ · Font Converter
পুৰণি গীতাঞ্জলি (লিগ্যাচী) ফন্ট আৰু আধুনিক Unicode ৰ মাজত দুয়োফালে লিখা ৰূপান্তৰ কৰক — বিশেষকৈ PageMaker 7.0 ৰ বাবে নিখুঁত। Window খন এতিয়া তিনি ভাগত বিভক্ত — বাওঁফালে আপোনাৰ লিখা, মাজত কি কৰিব বাছনি, সোঁফালে ৰূপান্তৰিত ফল।
খোলক
Ctrl + Alt + C বা Font Converter বুটাম।
লিখা দিয়ক
বাওঁফালৰ বাকচত লিখা paste কৰক, বা 📂 Import File ৰে ফাইলৰ পৰা লিখা লওক।
Convert টিপক
মাজৰ পেনেলত window খনে নিজেই লিখাটো গীতাঞ্জলি নে Unicode চিনি উলিয়াই ("Detected: ...") দেখুৱায় — ⚙ Convert বুটামত ক্লিক কৰক, Convert নিজে হৈ যাব, আপুনি একো কৰিব নালাগে।
বানান পৰীক্ষা (ঐচ্ছিক)
🔍 Check Spelling টিপিলে ভুল বানান ৰঙা হয় — ৰঙা শব্দত Right-Click কৰি শুদ্ধ শব্দটো বাছি লওক।
ফল লওক
সোঁফালৰ পেনেলৰ পৰা 📋 Copy Output কৰক, বা 💾 Save Output ৰে ফাইল হিচাপে ৰাখক।
⚠️ Risky Conjunct ফিক্স-আপ
স্ব/ম্ব/ন্ব-ৰ দৰে কিছুমান বিশেষ যুক্তাক্ষৰ PageMaker-ৰ নিজৰ RTF-import ফিল্টাৰেই সলনি কৰি পেলায় (আমাৰ output ঠিকেই থাকে, কিন্তু PageMaker-এ paste কৰাৰ সময়ত ভুল কৰে)। এনে শব্দ থাকিলে output panel-ৰ তলত এটা "Risky conjunct words found" তালিকা ওলায় — তালিকাৰ শব্দটোত ক্লিক কৰিলে সেই শব্দৰ শুদ্ধ (plain) বাইট ক্লিপবৰ্ডলৈ কপি হয়, যিটো PageMaker-ত ভুল ঠাইখিনিৰ ওপৰত পেষ্ট কৰি সলনি কৰি দিব পাৰি।
🆕 Paste Size — PageMaker ত পেষ্ট কৰা লিখাৰ আকাৰ
📋 Copy Output / Copy All কৰি PageMaker ত paste কৰা লিখা এতিয়া এটা নিৰ্দিষ্ট point size ত পেষ্ট হয় (ডিফল্ট অসমীয়া ১৪pt / ইংৰাজী ১১pt) — আগৰদৰে preview font-ৰ ফিক্সড ১৬pt-ৰ লগত বান্ধ খাই থকা নাই। এই ডিফল্ট size Settings > Converter > Paste Size কাৰ্ডৰ পৰা সলনি কৰিব পাৰি।
📖 অফলাইন বানান পৰীক্ষক · Spell Checker
টাইপ কৰোঁতেই ভুল বানান চিনাক্ত হয়। ভুল শব্দৰ ওচৰত এটা "ভুলকৈ লিখা শব্দ" (Incorrect word) popup ত এবাৰত ৫ টাকৈ দুবাৰ মুঠ ১০ টা শুদ্ধ শব্দৰ পৰামৰ্শ ওলায় (নম্বৰ দিয়া)। তলৰ কী টিপি বাছি লওক:
| কী | কাম |
|---|---|
| Ctrl+1 ... Ctrl+5 | সেই নম্বৰৰ পৰামৰ্শ শব্দটো বাছক (ভুল শব্দ আঁতৰি শুদ্ধটো বহে) |
| F4 | শব্দটো অভিধানত যোগ কৰক (Add to Dictionary) |
| F5 | Settings খোলক |
| Esc | এইবাৰৰ বাবে এৰি দিয়ক / popup বন্ধ কৰক (Ignore Once) |
(আগৰ অভ্যাসৰ বাবে F1/F2/F3 এও ১ম/২য়/৩য় পৰামৰ্শ বাছিব পাৰে। বেয়ৰ 1-5 ৰ সলনি এতিয়া Ctrl ৰাখি চাপিব লাগে, যাতে পৃষ্ঠা নম্বৰ বা আন যিকোনো digit স্বাভাৱিকভাৱে টাইপ কৰিব পৰা যায়।)
🪟 Offline Spell Checker উইণ্ডো — গোটেই অনুচ্ছেদ পৰীক্ষা
এটা পপ-আপৰ সলনি, গোটেই অনুচ্ছেদ এবাৰতে পৰীক্ষা কৰিবলৈ পৃথক Offline Spell Checker উইণ্ডো ব্যৱহাৰ কৰক।
খোলক
Ctrl + Alt + S বা Offline Spell Checker বুটাম।
লিখা দিয়ক
বাকচত লিখা paste কৰক, বা 📂 Import File ৰে ফাইলৰ পৰা পোনপটীয়াকৈ লওক — বাকচটো সম্পূৰ্ণ editable।
Check Spelling টিপক
প্ৰতিটো ভুল শব্দৰ ৫ টালৈকে পৰামৰ্শ, অৰ্থ (Meaning) আৰু Skip বিকল্পসহ ফলাফল ওলায়।
ফল লওক
শুদ্ধ কৰাৰ পিছত Copy Corrected Text কৰক, বা ভুল বানান নথকা শব্দ Add to Dictionary কৰক।
🤖 AI বানান ও ব্যাকৰণ পৰীক্ষক · AI Spell & Grammar
সম্পূৰ্ণ অনুচ্ছেদৰ ব্যাকৰণ আৰু বানান AI ৰে এটা ক্লিকতে শুদ্ধ কৰক (মূল উইণ্ডোৰ 🤖 AI Spell & Grammar বুটাম)। মূল লিখা আৰু AI-সংশোধিত লিখা ওচৰাওচৰিকৈ দেখুৱায় — আপুনি চাই, সম্পাদনা কৰি তাৰ পিছত গ্ৰহণ কৰিব পাৰে।
🖼️ ছবিৰ পৰা লিখা (OCR) · Image to Text
Google Lens ৰ দৰে — ছবি, screenshot বা ফটোৰ পৰা অসমীয়া লিখা উলিয়াই আনি এডিট কৰক। সম্পূৰ্ণ অফলাইন।
খোলক
Ctrl + Alt + O বা Image to Text বুটাম।
ছবি দিয়ক
📷 Screen Capture · 📂 ফাইল খোলক · 📋 Clipboard ৰ পৰা · বা ছবি টানি (drag-drop) এৰি দিয়ক।
লিখা পাওক
সোঁফালে চিনাক্ত হোৱা লিখা ওলায় — সম্পাদনা কৰক, কপি কৰক, বা Font Converter / Spell Checker লৈ পঠাওক।
📄 PDF কনভাৰ্টাৰ · PDF Converter
এটা বা একাধিক PDF ফাইল এবাৰতে Unicode বা গীতাঞ্জলিলৈ ৰূপান্তৰ কৰক। PDF-ত আগৰে পৰাই টেক্সট-লেয়াৰ থাকিলে সেয়া পোনতেই পঢ়া হয়; নথকা (স্কেন কৰা/ছবি) পৃষ্ঠাত স্বয়ংক্ৰিয়ভাৱে OCR চলে।
খোলক
Ctrl + Alt + F বা PDF Converter বুটাম।
দিশ আৰু ভাষা বাছক
ওপৰৰ বাওঁফালৰ ড্ৰপডাউনৰ পৰা Convert to Unicode বা Convert to Geetanjali বাছক, আৰু Select PDF language ৰ পৰা Assamese বা Assamese+English (মিহলি লিখাৰ বাবে) বাছি ল’ব পাৰে।
PDF যোগ কৰক
📂 Add PDF file(s)... ৰে এটা বা একাধিক PDF বাছি লওক — যোগ কৰাৰ লগে লগে স্বয়ংক্ৰিয়ভাৱে convert হৈ যায়, পৃথকে বুটাম টিপিব নালাগে।
ফলাফল চাওক
বাওঁফালে PDF-ৰ preview, সোঁফালে ৰূপান্তৰিত লিখাৰ preview — দুয়োটাই editable। প্ৰয়োজন হ’লে Convert all ৰে পুনৰ চলাব পাৰে।
ফল লওক
🔍 Check spelling বা 📋 Copy text কৰক, বা 📁 Output folder... ৰে ৰখা ঠাই বাছি ল’ব — প্ৰতিটো ফাইল সেই ফোল্ডাৰতে .txt হিচাপে সেভ হয় (ফলাফলৰ তলত "Saved to:" লিংকত ক্লিক কৰিলে ফোল্ডাৰটো খুলি যায়)।
🧰 অন্যান্য টুল · More Tools
অনুবাদক · Translator
ভাষাৰ মাজত দ্ৰুত অনুবাদ। শ্বৰ্টকাট: Ctrl + Alt + T।
ব্ৰাউজাৰ · Browser
ভিতৰতে এটা ব্ৰাউজাৰ — অসমীয়া টাইপিং সমৰ্থনৰ সৈতে। Ctrl + Alt + B।
নোটপেড · Quick Notes
দ্ৰুত টোকাৰ বাবে এটা সম্পূৰ্ণ notepad — line number, Find/Replace, Go To Line, সোঁফালে খুলি থোৱা ফাইলবোৰৰ Recent Files তালিকা, আৰু নিজৰ Dark/Light theme toggle। বন্ধ কৰাৰ সময়ত এটা confirmation সোধে — হয় দিলে টোকাটো মচি যাব, নালিখিলে খোলাই থাকিব। শ্বৰ্টকাট: Ctrl + Alt + N।
ক্লিপবৰ্ড হিষ্ট্ৰী
আগতে কপি কৰা লিখাবোৰ ঘূৰাই বিচাৰি paste কৰক। শ্বৰ্টকাট: F8।
স্মাৰ্ট শব্দ পৰামৰ্শ · Word Suggestions
টাইপ কৰোঁতেই ওচৰত এটা সৰু window ত ১০ টালৈকে মিল থকা/পৰৱৰ্তী শব্দ ওলায় — পছন্দৰ শব্দটোত ক্লিক কৰি বা তাৰ নম্বৰ কী টিপি বাছি লওক। এই সুবিধা অন/অফ কৰিবলৈ F11। Adobe PageMaker-তো গীতাঞ্জলি ফন্টেৰে টাইপ কৰোঁতেই এই পৰামৰ্শ পোৱা যায় — অসমৰ আন কোনো Assamese typing software-তে এতিয়ালৈকে নথকা সুবিধা।
ডাৰ্ক আৰু লাইট থিম
চকুলৈ আৰাম দিয়া Dark Mode আৰু পৰিষ্কাৰ Light Mode — এক ক্লিকতে সলনি। শ্বৰ্টকাট: F10।
Always-on-Top
উইণ্ডো সদায় ওপৰত ৰাখক — F12।
🔔 স্বয়ংক্ৰিয় আপডেট · Auto-Update Notification
AxomLipi Pro এ নিজে সময়ে সময়ে চাই থাকে নতুন সংস্কৰণ (version) ওলাইছে নে নাই। নতুন সংস্কৰণ আহিলে এপটো চলাি থকা অৱস্থাতে এখন Notification window ৰ সহায়ত জানিব পাৰিব আৰু লগে লগে install কৰিব পাৰিব।
নতুন সংস্কৰণ পোৱা গ'লে এটা New Version Available! উইণ্ডো স্ক্ৰীনৰ কাষত নিজে ওলাই আহে — ই আপোনাৰ টাইপিঙত বাধা নিদিয়ে, focus কাঢ়ি নলয়।
| বুটাম | কাম |
|---|---|
| ⬇ Download & Install | এপ্ৰ ভিতৰতেই (in-app) নতুন installer টো ডাউনলোড হয় — একেটা উইণ্ডোতে progress bar ত % দেখুৱাই থাকে। ডাউনলোড শেষ হ'লে installer টো নিজে খুলি যায়; আপুনি কেৱল Windows ৰ অনুমতি (UAC) দি Install টিপিলেই যথেষ্ট। |
| 📋 View What's New | Changelog উইণ্ডো খোলে, নতুন সংস্কৰণত কি কি সুবিধা আহিছে সেই তালিকা দেখুৱায়। এইটো চোৱাৰ পিছতো notification টো একেবাৰে বন্ধ নহয় — ই কেৱল তথ্য চোৱাৰ বুটাম, Install কৰাৰ বুটাম নহয়। |
| Remind Me Later | এতিয়াৰ বাবে বন্ধ কৰি, ২ ঘণ্টা পিছত পুনৰ মনত পেলাব (Snooze)। |
Download & Install টিপিলে একেটা উইণ্ডোৰ ভিতৰতেই এটা progress bar ওলাই ডাউনলোডৰ শতাংশ (%) দেখুৱাব; ডাউনলোড শেষ হ'লে ইনষ্টলাৰ নিজেই খুলি যাব।
🔍 Check for Updates — Changelog
Help মেনু → Check for Updates ক্লিক কৰিলে এটা পৃথক উইণ্ডো খোলে, য'ত এতিয়া ইনষ্টল হৈ থকা সংস্কৰণ আৰু (আছে যদি) আটাইতকৈ নতুন সংস্কৰণ দেখুৱায়, লগতে আগৰ সকলো সংস্কৰণৰ নতুন সুবিধা/সমাধান কৰা সমস্যাৰ পূৰ্ণাংগ তালিকা (Changelog) পঢ়িব পাৰি। 🔍 Check now বুটামেৰে তৎক্ষণাৎ পুনৰ পৰীক্ষা কৰিব পাৰে; নতুন সংস্কৰণ থাকিলে ⬇ Download & Install বুটামেৰে ইয়াতেই in-app download কৰি install কৰিব পাৰে (Auto-Update Notification ৰ দৰেই); 🌐 Visit Download Page এ ব্ৰাউজাৰত ডাউনলোড পৃষ্ঠা খোলে।
💬 About আৰু Feedback
Help মেনুৰ পৰা software ৰ তথ্য চাবলৈ About, আৰু আপোনাৰ মতামত বা সমস্যা জনাবলৈ Feedback পঠাব পাৰে।
⚙️ Settings · ছেটিংছ
মূল উইণ্ডোৰ ⚙ Settings বুটাম বা Ctrl + , ৰে Settings খোলক। বাওঁফালৰ tab বোৰত এতিয়া প্ৰতিটোৰে এটা icon আৰু UPPERCASE নাম থাকে, এই ক্ৰমত: General, Keyboard, Converter, Spell Check, Voice, Shortcuts, Statistics। (পুৰণি Hotkeys ট্যাবৰ নাম সলনি হৈ এতিয়া Shortcuts হৈছে আৰু সম্পূর্ণ নতুনকৈ তৈয়াৰ কৰা হৈছে — নিচেই তলত চাওক। আৰু কামেই নকৰা App Rules ট্যাবটো সম্পূর্ণভাৱে আঁতৰোৱা হৈছে, তাৰ সলনি একো নাই।)
| Tab | কি ঠিক কৰিব পাৰে |
|---|---|
| General | Startup, ভাষা বাৰ (slide toggle) আৰু theme, tray icon ছেটিং। |
| Keyboard | নতুন 💬 Suggestions While Typing card (Live Word Prediction + Word/Spelling Suggestion), Smart Phonetic Refinements আৰু Layout, PageMaker/InDesign Default Keyboard Mode, ⌨️ Inscript Typing Behavior, PageMaker আৰু Adobe InDesign দুয়োটাৰে Font Auto-Switch (কাৰ্ছাৰ-অৱস্থান অনুসৰি মোডো স্বয়ংক্ৰিয়ভাৱে সলনি হয়) আৰু Size Auto-Switch। |
| Converter | সংখ্যা কি ৰূপত (Mixed/Force English/Force Assamese) দেখা যাব; ইংৰাজী/সংখ্যাৰ বাবে পৃথক ফন্ট ব্যৱহাৰ কৰিব নে Conjunct Safetyক অগ্ৰাধিকাৰ দিব; বিচ্ছিন্ন @ চিহ্ন literal নে curly-quote হিচাপে দেখুৱাব। |
| Spell Check | বানান পৰীক্ষা অন/অফ, AI বানান পৰীক্ষা, Max Suggestions, আৰু অভিধান ফাইল খোলা। (Word Suggestion আৰু Inscript-সম্পৰ্কীয় checkbox দুটা এতিয়া Keyboard ট্যাবলৈ স্থানান্তৰিত হৈছে।) |
| Voice | ভইচ টাইপিঙৰ মডেল আৰু সম্পৰ্কীয় ছেটিং। |
| Shortcuts | (পুৰণি নাম Hotkeys) app-ৰ সকলো ২৪টা শ্বৰ্টকাট-কী (মূল Ctrl+Space-সহ) সম্পূর্ণৰূপে নিজৰ ইচ্ছামতে সলনি কৰক — conflict সুৰক্ষা আৰু reset বুটাম-সহ। বিতংভাৱে তলৰ কীবৰ্ড শ্বৰ্টকাট অংশ চাওক। |
| Statistics | আপোনাৰ টাইপিঙৰ পৰিসংখ্যা। |
🚀 General ট্যাব
এই ট্যাবত app-টো কেনেকৈ আৰম্ভ হ’ব আৰু ইয়াৰ চেহেৰা (appearance) কেনেকুৱা হ’ব সেই সাধাৰণ ছেটিংবোৰ থাকে।
- 🚀 Startup — তিনিটা checkbox: Start with Windows automatically (Windows আৰম্ভ হ’লেই app-টোও নিজে চলিব), Start minimized to system tray (আৰম্ভ হ’লে সিধা tray-লৈ যাব, উইণ্ডো নেদেখুৱাব), আৰু Show splash screen on launch (আৰম্ভণিত logo-সহ splash screen দেখুৱাব নে নাই)।
- 🎨 Appearance — Show floating language bar এতিয়া Dark/Light Theme-ৰ কাষতে একে ষ্টাইলৰ এটা slide toggle (আগতে checkbox আছিল) — ON/OFF কৰি screen-ত ঘূৰি ফুৰা সৰু ভাষা bar-টো দেখুৱাব নে নাই ঠিক কৰক। কাষৰ Theme toggle-এ (Dark/Light) গোটেই app-ৰ ৰং-scheme সলনি কৰে, F10-ৰেও সলনি কৰিব পাৰি।
- 🔔 System Tray Icon — Show system tray icon (বন্ধ কৰিলে confirm সোধে, কিয়নো বন্ধ কৰিলে Settings খুলিবলৈ কেৱল Ctrl+,-হে বাকী থাকিব), notification on minimize (উইণ্ডো tray-লৈ গ’লে popup notification দেখুৱাব নে নাই), আৰু Double-click tray icon — tray icon-ত double-click কৰিলে Home Screen খুলিব নে Settings খুলিব সেই পছন্দ।
💬 Suggestions While Typing
Keyboard ট্যাবৰ একেবাৰে ওপৰৰ card। দুটা সম্পূর্ণ পৃথক টাইপিং-সহায়ক সুবিধা ইয়াত একেলগে থাকে — আগতে দুয়োটাকে বিভ্ৰান্তিকৰভাৱে "Word Suggestion" নামেৰেই বেলেগ বেলেগ ঠাইত (এটা General ট্যাবত, আনটো Spell Check ট্যাবতো এবাৰ নকল হৈ) ৰখা হৈছিল; এতিয়া দুয়োটা এই এটা card-তে, স্পষ্ট পৃথক লেবেলেৰে থোৱা হৈছে:
- Live Word Prediction — Show word-completion suggestions while typing। ON থাকিলে কাৰ্চৰৰ ওচৰত এডাল সৰু বাৰে টাইপ কৰোঁতেই সম্ভাৱ্য পৰৱৰ্তী শব্দ (word-completion) দেখুৱায় — Unicode, Smart Phonetic আৰু Inscript Typing মোডত টাইপ কৰোঁতেই, আৰু PageMaker/InDesign-ৰ Inscript-ভিত্তিক ফন্টত শব্দ শেষ কৰাৰ পিছত। প্ৰথমটো (হাইলাইট কৰা) পৰামৰ্শ Tab টিপি বা ক্লিক কৰি, বাকীকেইটা Ctrl + 2–5 টিপি বাছি ল'ব পাৰি।
- Word / Spelling Suggestion — Show spelling-suggestion popup when a word is misspelled [F11]। ON থাকিলে অভিধানৰ সৈতে নিমিলা (ভুলকৈ লিখা) শব্দ টাইপ কৰি শেষ কৰাৰ সাথে সাথে তাৰ সংশোধনৰ পৰামৰ্শ দেখুৱায়। এইটো ওপৰৰ Live Word Prediction-ৰ সৈতে সম্পূর্ণ সম্পৰ্কহীন এটা ব্যৱস্থা — নাম একেধৰণৰ শুনা গ'লেও দুটা বেলেগ কাম কৰে। F11-ৰেও অন/অফ কৰিব পাৰি।
🔤 Smart Phonetic Refinements
Keyboard ট্যাবৰ এটা card — Smart Phonetic মোডত টাইপ কৰোঁতে সংখ্যা আৰু বিৰাম-চিহ্নৰ আচৰণ ঠিক কৰে।
- Convert digits 0-9 to Assamese numerals — ON থাকিলে Smart Phonetic মোডত 1 2 3 টিপিলে ১ ২ ৩ ওলায় (English digit নহয়)।
- Convert period (.) to Assamese full stop — ON থাকিলে বাক্যৰ শেষত . টিপিলে অসমীয়া দাড়ি (৷) ওলায়।
🔡 Smart Phonetic Layout
Smart Phonetic মোডে কোন পদ্ধতিৰে টাইপ কৰিব সেই বাছনি — SMS style (algorithmic + common-words engine, যেনে moi→মই, শব্দ-অভিধান ব্যৱহাৰ কৰি) বনাম Classic Phonetic (Avro-ষ্টাইল আখৰে-আখৰে, যেনে a→অ, aa→আ, কোনো শব্দ-অভিধান নাই)। নতুন ব্যৱহাৰকাৰীৰ বাবে SMS style সহজ; পুৰণি Avro-অভ্যাসীৰ বাবে Classic ভাল।
🖨 PageMaker / InDesign Default Keyboard Mode
PageMaker বা InDesign খুলি সক্ৰিয় (active) হ’লে app-টোৱে স্বয়ংক্ৰিয়ভাৱে কোনটো keyboard mode-লৈ যাব — AS/BN Inscript (GeetanjaliLight legacy pipeline) নে AS/BN Linguistic (একেই Geetanjali pipeline, কিন্তু ভিন্ন key layout)। এইটো সলনি কৰিলে PageMaker বা InDesign-লৈ Alt-Tab কৰাৰ লগে লগে সেই mode-টোৱেই সক্ৰিয় হ’ব — দুয়োটা software-ৰ বাবে একেটাই বাছনি ব্যৱহৃত হয়, InDesign Font Auto-Switch ON থাকিলেও তলৰ এইটোৱেই ব্যৱহৃত হয়।
⌨️ Inscript Typing Behavior
Keyboard ট্যাবৰ এটা card — PageMaker-ৰ পুৰণি গীতাঞ্জলি Inscript টাইপিং কেনেকৈ চলিব সেই দুটা checkbox। এইকেইটা আগতে Spell Check ট্যাবত আছিল, ইয়ালৈ স্থানান্তৰিত কৰা হৈছে — এইবোৰ বানান-পৰামৰ্শৰ সৈতে সম্পৰ্কহীন, টাইপ কৰোঁতে কি byte ওলায় সেয়াহে ঠিক কৰে, এই ট্যাবৰ আন সকলো card-ৰ দৰেই।
- Convert Roman keys to Geetanjali font bytes — Inscript মোডত টাইপ কৰা আখৰবোৰ গীতাঞ্জলি legacy ফন্টৰ বাবে উপযুক্ত byte-লৈ ৰূপান্তৰ কৰে।
- Auto-fix matra typing order in PageMaker (ি/ে/ৈ) — ON (পৰামৰ্শিত) থাকিলে ব্যঞ্জনবৰ্ণৰ পিছত matra টাইপ কৰিলেও (যেনে ম তাৰ পিছত ি) PageMaker-ৰ পুৰণি ফন্টৰ বাবে স্বয়ংক্ৰিয়ভাৱে সঠিক ক্ৰমলৈ সলনি হয়। matra ব্যঞ্জনৰ আগতে টাইপ কৰা পুৰণি DTP অভ্যাস থাকিলে OFF কৰক — তেতিয়া একো সলনি নহ'ব।
🖨️ PageMaker Font Auto-Switch
Adobe PageMaker ত টাইপ কৰোঁতে সঘনাই ফন্ট হাতেৰে সলনি কৰিব লগা হয় — অসমীয়া লিখিলে এবিধ ফন্ট (ডিফল্ট Geetanjalilight), ইংৰাজী লিখিলে আন এবিধ (ডিফল্ট Times New Roman), সংখ্যা লিখিলে আকৌ পৃথক ফন্ট (ডিফল্ট Geetanjaliplight)। এই সুবিধাটোৱে আপুনি কি টাইপ কৰি আছে (অসমীয়া/ইংৰাজী/সংখ্যা) চাই থাকি PageMaker ৰ ফন্ট নিজে সলনি কৰাৰ চেষ্টা কৰে, যাতে বাৰে বাৰে হাতেৰে ফন্ট বাছিব লগা নহয়। Settings → Keyboard ত এই তিনিওটা ফন্টৰ নাম এতিয়া নিজে বাছি ল’ব পাৰি (dropdown-ৰ পৰা, বা নাম নথাকিলে হাতেৰে টাইপ কৰি) — যিসকল ইউজাৰে Geetanjali-ৰ সলনি বেলেগ Assamese legacy ফন্ট ব্যৱহাৰ কৰে তেওঁলোকৰ বাবে।
কেনেকৈ কাম কৰে
- Assamese text font — Inscript/Linguistic/Smart Phonetic মোডত থাকোঁতে PageMaker-ৰ ফন্ট এইটোলৈ সলনি হয়।
- Assamese number font — এই তিনিওটা মোডতে সংখ্যা (0-9) type কৰিলে, শুধুমাত্ৰ সেই সংখ্যাখিনিৰ বাবে ক্ষণিকতে এই ফন্টলৈ সলনি হয় (Geetanjali family-ৰ body ফন্টে সংখ্যাৰ byte position-বোৰ অন্য conjunct-ৰ বাবে ব্যৱহাৰ কৰাৰ কাৰণে এই পৃথক ফন্টৰ প্ৰয়োজন হয়), তাৰ পিছত আকৌ Assamese text font-লৈ ঘূৰি আহে।
- English font — Ctrl+Space-ৰে ইংৰাজীলৈ toggle কৰিলে PageMaker-ৰ ফন্ট এইটোলৈ সলনি হয় (তিনিওটা মোডতে, Smart Phonetic-সহ)।
🔠 PageMaker Size Auto-Switch
একেই Keyboard tab-ত থকা আন এটা (ঐচ্ছিক) সুবিধা — অন কৰিলে, PageMaker-ত টাইপ কৰোঁতে Ctrl+Space-ৰে ইংৰাজীলৈ toggle কৰিলে, ইংৰাজী আখৰবোৰ অসমীয়া আখৰতকৈ কিছু point সৰুকৈ (ডিফল্ট ৩ point, Settings-ত সলনি কৰিব পৰা) টাইপ হয় — বেলেগ বেলেগ ফন্ট visual-ভাৱে সমান আকাৰৰ নহয় বুলিয়েই এই adjustment-ৰ প্ৰয়োজন। পুনৰ অসমীয়ালৈ ঘূৰি আহিলে আগৰ size-লৈ নিজে ঘূৰি আহে।
এইটোৱে PageMaker-ৰ যিকোনো size-তে (কেৱল কিছুমান নিৰ্দিষ্ট preset size নহয়) কাম কৰে — non-preset size-ৰ বাবে PageMaker-ৰ নিজৰ এটা সৰু dialog box এক ক্ষণৰ বাবে screen-ত flash হ’ব পাৰে (স্বয়ংক্ৰিয়ভাৱে বন্ধ হয়, চিন্তাৰ কথা নাই)।
English is smaller by (points) field-টোত সংখ্যা ৩-ৰ সলনি যিকোনো সংখ্যা (0 বা ঋণাত্মকো) দিব পাৰি — যেনে, যদি অসমীয়া ফন্ট (গীতাঞ্জলি) 14 point-ত আছে আৰু ইংৰাজী ফন্ট (Times New Roman) 11 point-তহে visual-ভাৱে সমান আকাৰৰ লাগে, তেন্তে এই field-ত 3 দিব লাগিব। যদি আপোনাৰ Assamese আৰু English ফন্ট জোৰাটো visual-ভাৱে ইতিমধ্যে সমান আকাৰৰ, তেন্তে 0 দি এই সুবিধাটো কাৰ্যত no-op কৰি ৰাখিব পাৰে। বেলেগ বেলেগ ফন্ট জোৰাৰ বাবে বেলেগ সংখ্যা লাগিব পাৰে — visual-ভাৱে সমান নোহোৱালৈকে try কৰি চাব পাৰে।
🎨 Adobe InDesign Font Auto-Switch
একেই Keyboard tab-ত, PageMaker Size Auto-Switch card-ৰ পিছত থকা এটা নতুন সুবিধা — Adobe InDesign-ৰ বাবে PageMaker Font Auto-Switch-ৰ সমতুল্য। PageMaker-ৰ দৰেই, আপুনি কি টাইপ কৰি আছে (অসমীয়া/ইংৰাজী/সংখ্যা) চাই InDesign-ৰ live font নিজে সলনি কৰাৰ চেষ্টা কৰে — AS/BN Inscript, AS/BN Linguistic আৰু Smart Phonetic, এই তিনিওটা মোডতে।
- Auto-switch InDesign's live font while typing — মূল on/off checkbox।
- Assamese text font, Assamese number font, আৰু English font — তিনিওটা পৃথক (PageMaker card-ৰ পৰা সম্পূর্ণ পৃথক) ফন্ট-নাম field, PageMaker-ৰ দৰেই আচৰণ কৰে।
- 📋 Capture from InDesign বুটাম — প্ৰতিটো ফন্ট field-ৰ কাষত থকা এই বুটামটোৱে ফন্টৰ নাম হাতেৰে টাইপ কৰাৰ পৰিৱৰ্তে সহজ উপায় দিয়ে: InDesign-ত আগতেই কাৰ্ছাৰ বা বাছি লোৱা লিখনিত পছন্দৰ ফন্ট আৰু style মেনুৱেলি বাছি লওক, তাৰ পিছত এই বুটাম টিপক — InDesign-ৰ পৰা সঠিক ফন্ট-নাম আৰু style স্বয়ংক্ৰিয়ভাৱে সেই field-লৈ কপি হয়।
📋 Capture from InDesign — পৰ্যায়ক্ৰমে (step-by-step)
ফন্ট বাছক InDesign-ত
InDesign-ত কোনো লিখা টাইপ কৰি বা আগৰ কোনো লিখা বাছি (select) লওক। ওপৰৰ Character panel-ত (নেদেখিলে Window → Type & Tables → Character) গৈ পছন্দৰ ফন্ট আৰু style (যেনে Regular/Light) মেনুৱেলি বাছি লওক — যিটোৰ preview-ত অসমীয়া আখৰ/সংখ্যা দেখা যায়।
Settings খোলক
AxomLipi Pro-ত Settings → Keyboard ট্যাবত Adobe InDesign Font Auto-Switch card-লৈ যাওক।
Capture বুটাম টিপক
যিটো field আপডেট কৰিব লাগে (Assamese text font/Assamese number font/English font) তাৰ কাষৰ 📋 Capture from InDesign বুটাম টিপক — এই সময়ত InDesign খোলা থাকিব লাগিব আৰু ধাপ ১-ত বাছি লোৱা লিখনিটো এতিয়াও select হৈ থাকিব লাগিব।
Save কৰক আৰু test কৰক
✓ Save Settings টিপি Settings বন্ধ কৰক, তাৰ পিছত InDesign-ত পুনৰ গৈ টাইপ কৰি চাওক — ফন্ট এতিয়া স্বয়ংক্ৰিয়ভাৱে সঠিককৈ সলনি হ'ব লাগে।
🔠 Adobe InDesign Size Auto-Switch
একেই Keyboard tab-ত থকা আন এটা (ঐচ্ছিক) সুবিধা — PageMaker Size Auto-Switch-ৰ InDesign সংস্কৰণ। অন কৰিলে, InDesign-ত টাইপ কৰোঁতে Ctrl+Space-ৰে ইংৰাজীলৈ toggle কৰিলে, ইংৰাজী আখৰবোৰ অসমীয়া আখৰতকৈ কিছু point সৰুকৈ (ডিফল্ট ৩ point, Settings-ত সলনি কৰিব পৰা) টাইপ হয়; পুনৰ অসমীয়ালৈ ঘূৰি আহিলে আগৰ size-লৈ নিজে ঘূৰি আহে।
- Auto-switch InDesign's live size while typing — মূল on/off checkbox।
- English is smaller by (points) — যিকোনো সংখ্যা (0 বা ঋণাত্মকো) দিব পাৰি — যেনে, অসমীয়া ফন্ট (গীতাঞ্জলি) 14 point আৰু ইংৰাজী ফন্ট (Times New Roman) 11 point-ত visual-ভাৱে সমান লাগিলে এই field-ত 3 দিব লাগিব; ফন্ট-জোৰা ইতিমধ্যে visual-ভাৱে সমান আকাৰৰ হ'লে 0 দি no-op কৰি ৰাখিব পাৰে।
⚡ Shortcuts ট্যাব
এই ট্যাবটো (পুৰণি নাম Hotkeys) সম্পূর্ণ নতুনকৈ তৈয়াৰ কৰা হৈছে। আগৰ Hotkeys ট্যাবত মাত্ৰ চাৰিটা textbox আছিল যিবোৰ চাবলৈ customizable যেন লাগিছিল কিন্তু বাস্তৱত কোনো effect নাছিল (কেৱল cosmetic)। এতিয়া app-ৰ প্ৰতিটো শ্বৰ্টকাট-কী — মূল Ctrl+Space-সহ — মুঠ ২৪টা, সঁচাকৈয়ে এই এটা ট্যাবৰ পৰাই নিজৰ ইচ্ছামতে সলনি কৰিব পাৰি। এইবোৰ তিনিটা স্পষ্ট গোটত ভগোৱা আছে:
১. Mode Switching (৭টা)
| শ্বৰ্টকাট | কাম |
|---|---|
| Ctrl + Space | Toggle English / Assamese (ইংৰাজী/অসমীয়া টগল) |
| Ctrl + Shift + Alt + A | Assamese Inscript |
| Ctrl + Shift + Alt + U | Assamese Unicode |
| Ctrl + Shift + Alt + P | Assamese Smart Phonetic |
| Ctrl + Shift + Alt + L | Assamese / Bengali Linguistic |
| Ctrl + Shift + Alt + H | Hindi Inscript |
| Ctrl + Shift + H | Hindi Unicode |
২. Tools and Windows (৯টা)
| শ্বৰ্টকাট | কাম |
|---|---|
| Ctrl + Alt + V | Voice Typing |
| Ctrl + Alt + C | Font Converter |
| Ctrl + Alt + S | Spell Checker |
| Ctrl + Alt + B | Browser |
| Ctrl + Alt + O | OCR / Image to Text |
| Ctrl + Alt + T | Translator |
| Ctrl + Alt + G | AI Check |
| Ctrl + Alt + N | Notepad |
| Ctrl + , | Open Settings |
৩. Insert and Function Keys (৭টা)
| শ্বৰ্টকাট | কাম |
|---|---|
| Ctrl + Alt + 4 | ₹ চিহ্ন সন্নিবিষ্ট কৰক |
| F8 | Clipboard Manager |
| F9 | Toggle Language Bar |
| F10 | Toggle Dark / Light Theme |
| F11 | Toggle Word Suggestion |
| F12 | Toggle Always on Top |
| F1 | Help |
কেনেকৈ সলনি কৰিব
যিকোনো শ্বৰ্টকাটৰ box-ত ক্লিক কৰক (এইটো read-only টেক্সট, বৰ্তমানৰ combination দেখুৱায়), তাৰ পিছত আপুনি বিচৰা নতুন key combination কীবৰ্ডত টিপক — লগে লগে ধৰা পৰি box-ত দেখুৱাব। box-ত focus থাকোঁতে Esc টিপিলে একো সলনি নকৰাকৈ বাতিল হয়।
প্ৰতিটো ৰো-ৰ কাষত এটা সৰু ↺ বুটামেৰে কেৱল সেই এটা শ্বৰ্টকাট ডিফল্টলৈ ঘূৰাই আনিব পাৰি। ট্যাবৰ একেবাৰে তলত ↺ Reset All Shortcuts to Default বুটামেৰে (confirm সোধাৰ পিছত) সকলোবোৰ এবাৰতে ডিফল্টলৈ ঘূৰাই আনিব পাৰি।
📖 Spell Check ট্যাব
- ⚙ Spell Check Options card — Enable real-time spell checking (master on/off), Enable AI-powered spell check (OpenAI API Key প্ৰয়োজন), আৰু Max Suggestions (এবাৰত কিমানটা পৰামৰ্শ শব্দ দেখুৱাব, ১-৮ টাৰ ভিতৰত)।
- 📖 Dictionary card — 📂 Open Dictionary File বুটামেৰে মূল শব্দভাণ্ডাৰ ফাইলখন (assamese_dictionary.txt) Notepad-ত খোলি চাব/সম্পাদনা কৰিব পাৰি।
🔤 Converter ট্যাব
এই ট্যাবৰ ছেটিংবোৰে Font Converter উইণ্ডোৰ আচৰণ নিয়ন্ত্ৰণ কৰে (বিতংভাৱে ফন্ট কনভাৰ্টাৰ অংশ চাওক)।
- 🔢 Numeral Display Style — Unicode → গীতাঞ্জলি preview-ত সংখ্যা কেনেকৈ দেখা যাব: Mixed (as typed) (যিটো script-ত টাইপ কৰা সেইটোৱেই থাকিব), Force English 0-9, বা Force Assamese ০-৯। এইটোৱে কেৱল preview-ৰ ফন্ট সলনি কৰে — clipboard-লৈ যোৱা byte content তিনিওটাতে একে।
- @ Isolated "@" Symbol — বিচ্ছিন্ন (একক) "@" চিহ্নটো literal @ (Times New Roman) হিচাপে দেখুৱাব নে curly right-quote (’) হিচাপে (ডিফল্ট, এটা পুৰণি typing shortcut)। email address-ৰ ভিতৰৰ "@" (যেনে [email protected]) এই setting-ৰ দ্বাৰা প্ৰভাৱিত নহয়, সেয়া সদায় literal @ হিচাপেই থাকে।
- 🔤/আ Conjunct Safety vs. Font Mixing — PageMaker 7-ৰ নিজৰ RTF importer-এ কিছুমান conjunct (যেনে স্ব) ভুলকৈ paste কৰে, যদি একেলগে ইংৰাজী/সংখ্যা/চিহ্নও নিজৰ ফন্টত (RTF-ৰে) দেখুৱাব বিচৰা হয়। OFF (ডিফল্ট, Conjunct-safe): conjunct ঠিকেই paste হয়, কিন্তু ইংৰাজী/সংখ্যা Geet ফন্টৰ নিজৰ glyph-তে দেখা যায় (Times New Roman-ত নহয়)। ON (Font-mixing): ইংৰাজী/সংখ্যা সদায় নিজৰ ফন্টত ঠিকেই দেখা যায়, কিন্তু সেই একে copy-ত কোনো risky conjunct থাকিলে সেয়া ভুলকৈ paste হ’ব পাৰে। লগতে Show risky-conjunct fix-up list checkbox (ডিফল্ট ON) — conversion-ৰ পিছত risky conjunct থকা শব্দৰ তালিকা output-ৰ তলত দেখুৱায়, ক্লিক কৰিলে সঠিক byte clipboard-লৈ কপি হয়।
🎙 Voice ট্যাব
- 🧠 Whisper AI Model — ভইচ টাইপিঙৰ বাবে ব্যৱহৃত AI model-ৰ আকাৰ বাছনি (accuracy বনাম গতিৰ ট্ৰেড-অফ) — ডাঙৰ model বেছি সঠিক কিন্তু লোড হ’বলৈ সময় বেছি লয় আৰু বেছি RAM লাগে।
- 🎚 Recording Options — Auto-send transcript without confirmation (ৰেকৰ্ডিং শেষ হ’লেই লিখনি নিশ্চিত নোসোধাকৈ পঠাব নে) আৰু Max recording (sec) (এবাৰত সৰ্বাধিক কিমান সেকেণ্ড ৰেকৰ্ড কৰিব, ৫-১২০ সেকেণ্ডৰ ভিতৰত)।
📊 Statistics ট্যাব
- 📊 Usage Statistics — Total Words Typed, Spell Corrections Made, Voice Typing Sessions, আৰু Font Conversions Done — এই চাৰিটা সংখ্যাই আপোনাৰ app-খন কেনেদৰে ব্যৱহাৰ কৰি আছে তাৰ হিচাপ ৰাখে।
- ℹ App Info — Installed On আৰু Last Used তাৰিখ, আৰু 🗑 Reset Statistics বুটাম (সকলো গণনা শূন্যলৈ ঘূৰাই আনে, confirm সোধে — এইটো Undo কৰিব নোৱাৰি)।
সলনি কৰাৰ পিছত ✓ Save Settings টিপক। আগৰ অৱস্থালৈ ঘূৰাই যাবলৈ ↺ Reset Defaults।
⌨️ কীবৰ্ড শ্বৰ্টকাট · Keyboard Shortcuts
মোড আৰু ভাষা (Mode Switching)
| শ্বৰ্টকাট | কাম |
|---|---|
| Ctrl + Space | ইংৰাজী/অসমীয়া টগল (অন/অফ) |
| Ctrl + Shift + Alt + A | অসমীয়া Inscript |
| Ctrl + Shift + Alt + U | অসমীয়া Unicode |
| Ctrl + Shift + Alt + P | অসমীয়া Smart Phonetic |
| Ctrl + Shift + Alt + L | অসমীয়া/বেংগলী Linguistic |
| Ctrl + Shift + Alt + H | হিন্দী Inscript |
| Ctrl + Shift + H | হিন্দী Unicode |
টুল আৰু উইণ্ডো (Tools and Windows)
| শ্বৰ্টকাট | কাম |
|---|---|
| Ctrl + Alt + V | Voice Typing |
| Ctrl + Alt + C | Font Converter |
| Ctrl + Alt + S | Spell Checker |
| Ctrl + Alt + B | Browser |
| Ctrl + Alt + O | OCR / Image to Text |
| Ctrl + Alt + T | Translator |
| Ctrl + Alt + G | AI Check |
| Ctrl + Alt + N | Notepad |
| Ctrl + Alt + P | Capture PageMaker Size (Font Converter Paste Size) |
| Ctrl + , | Settings খোলক |
Insert আৰু Function কী (Insert and Function Keys)
| শ্বৰ্টকাট | কাম |
|---|---|
| Ctrl + Alt + 4 | ₹ চিহ্ন সন্নিবিষ্ট কৰক |
| F8 | Clipboard Manager |
| F9 | Language Bar Toggle |
| F10 | Dark / Light Theme Toggle |
| F11 | Word Suggestion Toggle |
| F12 | Always on Top Toggle |
| F1 | Help |
বানান পৰীক্ষা popup ("ভুলকৈ লিখা শব্দ")
| শ্বৰ্টকাট | কাম |
|---|---|
| 1–5 | সেই নম্বৰৰ পৰামৰ্শ শব্দ বাছক |
| F4 | অভিধানত যোগ কৰক (Add to Dictionary) |
| F5 | Settings |
| Esc | এৰি দিয়ক / বন্ধ (Ignore Once) |
Live Word Suggestion বাৰ (বাৰটো দেখা গ'লেহে কাম কৰে)
| শ্বৰ্টকাট | কাম |
|---|---|
| Tab | প্ৰথম (হাইলাইট কৰা) শব্দ পৰামৰ্শ বাছক |
| Ctrl + 2–5 | সেই নম্বৰৰ শব্দ পৰামৰ্শ বাছক |
টুল আৰু উইণ্ডো
| শ্বৰ্টকাট | কাম |
|---|---|
| Ctrl + Alt + V | ভইচ টাইপিং |
| Ctrl + Alt + C | ফন্ট কনভাৰ্টাৰ |
| Ctrl + Alt + S | অফলাইন বানান পৰীক্ষক |
| Ctrl + Alt + O | ছবিৰ পৰা লিখা (OCR) |
| Ctrl + Alt + F | PDF Converter |
| Ctrl + Alt + T | অনুবাদক |
| Ctrl + Alt + B | ব্ৰাউজাৰ |
| Ctrl + Alt + G | AI বানান ও ব্যাকৰণ পৰীক্ষক (AI Spell & Grammar) |
| Ctrl + Alt + N | নোটপেড (Notepad) |
| Ctrl + Alt + P | PageMaker-ৰ বৰ্তমান size ক্যাপচাৰ কৰক (Font Converter Paste Size) |
| Ctrl + Alt + 4 | ₹ ৰুপী চিহ্ন টাইপ কৰক (যিকোনো মোডত) |
| Ctrl + H | মূল উইণ্ডো (Home) |
| Ctrl + Q | এপ্ৰ পৰা ওলাওক (Exit) |
| F8 | ক্লিপবৰ্ড ইতিহাস (Clipboard History) |
| F9 | ভাষা বাৰ দেখুৱাওক/লুকুৱাওক |
| F10 | থিম সলনি কৰক (Dark/Light Mode টগল) |
| F11 | শব্দ পৰামৰ্শ অন/অফ |
| F12 | Always-on-Top টগল |
| Ctrl + , | Settings |
| F1 | সহায় / User Manual খোলক |
🔑 লাইচেঞ্চ আৰু এক্টিভেশ্যন · License & Activation
Software টোৱে বিনামূলীয়া ট্ৰায়েল দিয়ে (Activation উইণ্ডোত বাকী থকা দিন দেখুৱায়)। ট্ৰায়েলৰ পিছত ব্যৱহাৰ অব্যাহত ৰাখিবলৈ লাইচেঞ্চ কিনি এক্টিভেট কৰিব লাগিব।
Machine ID কপি কৰক
Activation উইণ্ডোত দেখুওৱা Machine ID টো কাষৰ 📋 বুটামেৰে কপি কৰক। (প্ৰতিটো লাইচেঞ্চ এটা কম্পিউটাৰৰ লগত যুক্ত।)
লাইচেঞ্চ কিনক
Buy License টিপক বা axomlipipro.com ত গৈ কিনক। Machine ID টো দিব লাগিব।
কী দিয়ক
পোৱা License Key টো License Key বাকচত দিয়ক।
এক্টিভেট কৰক
✓ Activate Now ত ক্লিক কৰক। সফল হ'লে সম্পূৰ্ণ সংস্কৰণ খোল খায়।
⏳ লাইচেঞ্চ শেষ হ'বলৈ ওলালে — জাননী
বিনামূলীয়া ট্ৰায়েল বা Basic লাইচেঞ্চ শেষ হ'বলৈ ৩ দিন বাকী থকাৰ পৰা AxomLipi Pro এ নিজেই এখন জাননী খিড়িকী দেখুৱায় (দিনে এবাৰ, লগতে ট্ৰে আইকনৰ পৰা এটা সৰু বাৰ্তাও)। জাননীত বাকী থকা দিন, আৰু Basic ৰ ক্ষেত্ৰত Valid till (শেষ হোৱা তাৰিখ) দেখুৱায়। প্ৰতিদিনে ৰং সলনি হয়, যাতে এবাৰ চাওঁতেই কেইদিন বাকী আছে গম পোৱা যায়:
| বাকী থকা দিন | ৰং |
|---|---|
| ৩ দিন | নীলা (ট্ৰায়েল) · বেঙুনীয়া (Basic) |
| ২ দিন | কমলা |
| ১ দিন | ৰঙা ( ⚠ সতৰ্কবাণী চিহ্নৰ সৈতে) |
| বুটাম | কি হয় |
|---|---|
| Remind me later | এতিয়াৰ বাবে জাননী বন্ধ হয়; পিছদিনা আকৌ আহিব। |
| Buy now (ট্ৰায়েল) | axomlipipro.com ৰ মূল্য পৃষ্ঠা খোলে। |
| Renew / Upgrade (Basic) | axomlipipro.com ৰ মূল্য পৃষ্ঠা খোলে — Basic নবীকৰণ কৰিব পাৰে, বা Pro ত উন্নীত কৰিব পাৰে। |
🔒 লাইচেঞ্চ শেষ হোৱাৰ পিছত
ট্ৰায়েল বা Basic লাইচেঞ্চ শেষ হ'লে AxomLipi Pro এ Activate to Continue খিড়িকী দেখুৱায়। ওপৰৰ অম্বৰ পটিত বোল্ড আখৰে লিখা থাকে কি শেষ হৈছে (যেনে "Your license expired on …" বা "Your 7-day trial has ended…")। খিড়িকীৰ ওপৰৰ সৰু লিখনিত Basic ৰ ক্ষেত্ৰত "Basic License Expired — Renew or Upgrade to Continue" আৰু ট্ৰায়েলৰ ক্ষেত্ৰত "Trial Expired — Activate to Continue" লিখা থাকে।
আকৌ ব্যৱহাৰ কৰিবলৈ ওপৰৰ চাৰিটা পদক্ষেপ (Machine ID কপি → লাইচেঞ্চ কিনক → কী দিয়ক → Activate Now) একেদৰেই অনুসৰণ কৰক। নতুন License Key এক্টিভেট কৰাৰ লগে লগে সম্পূৰ্ণ সংস্কৰণ আকৌ চলিব।
🛠️ সমস্যা সমাধান · Troubleshooting
| সমস্যা | সমাধান |
|---|---|
| অসমীয়া / বেংগলী / হিন্দী টাইপ নহয় | Ctrl + Space টিপি অন কৰক। ভাষা বাৰে ON দেখুৱায় নে চাওক। |
| PageMaker ত ভুল আখৰ বা typing নহয় |
দুটা কাৰণ হ'ব পাৰে: কাৰণ ১ — Font / Mode ভুল: PageMaker ত GeetanjaliLight font বাছক আৰু AxomLipi Pro ত Inscript (গীতাঞ্জলি) mode নিশ্চিত কৰক। কাৰণ ২ — UAC / Administrator: PageMaker এ Administrator হিচাপে চলে। AxomLipi Pro সাধাৰণ mode ত চলিলে PageMaker লৈ keystrokes পঠাব নোৱাৰে — ফলত আখৰ ওলায় কিন্তু ভুল হয়। সমাধান: System tray icon ত Right-click → Run as Administrator বাছক। প্ৰথমবাৰ এনেকৈ কৰিলে পিছলৈ স্বয়ংক্ৰিয়ভাৱে Administrator ৰূপে চলিব। |
| PageMaker ত typing কৰিলে কিবা নহয় | ওপৰৰ কাৰণ ২ চাওক — UAC মিলাব লাগিব। Run as Administrator কৰক। |
| PageMaker ত matra (ি/ে/ৈ) ভুল ক্ৰমত ওলায় | Settings → Spell Check ত Auto-fix matra typing order checkbox চাওক। ON (default) — আধুনিক Unicode Mode Typing ত অভ্যস্তসকল অৰ্থাৎ যিসকলে ব্যঞ্জনৰ পিছত matra / স্বৰ চিহ্ন টাইপ (যেনে- ক + ি = কি, ন + ে = নে) কৰে সেইসকলৰ অভ্যাসৰ প্ৰতি লক্ষ্য ৰাখি PageMaker-ৰ পুৰণি ফন্ট যাতে স্বয়ংক্ৰিয়ভাৱে ঠিক ক্ৰমলৈ আহে তাৰবাবে এই নতুন সুবিধাটো সংযোগ কৰা হৈছে। যদি আপুনি পুৰণি DTP-ষ্টাইলত ব্যঞ্জনৰ আগতে matra টাইপ কৰাত অভ্যস্ত, checkbox-টো OFF কৰক — তেতিয়া একো সলনি নকৰাকৈ যিদৰে টাইপ কৰে সেইদৰেই টাইপ হ’ব। |
| আধুনিক এপ্ত আখৰ বেয়া দেখায় | Unicode মোড ব্যৱহাৰ কৰক (গীতাঞ্জলি নহয়)। |
| ভইচ টাইপিং নচলে | মাইক সংযুক্ত আৰু অনুমোদিত নে চাওক। প্ৰথমবাৰ মডেল ডাউনলোড হ'বলৈ ইণ্টাৰনেট লাগে। অসমীয়াৰ বাবে Turbo/Large-v3 মডেল বাছক। |
| বানান popup নাহে | Settings → Spell Check ত Enable real-time spell checking অন আছে নে চাওক। |
| এপ্ আৰম্ভ নহয় | আইকনত ৰাইট-ক্লিক কৰি Run as Administrator দিয়ক। |
| সংখ্যা ইংৰাজীত ওলায় | Unicode মোডত অসমীয়া সংখ্যা স্বয়ংক্ৰিয়; Smart Phonetic ত Settings → Smart Phonetic Refinements ত অন কৰক। |
| Image to Text-ত drag-drop কাম নকৰে | Software Administrator হিচাপে চলাৰ বাবে Windows-এ Drag & Drop block কৰে। ইয়াৰ সলনি 📂 Open File বা 📋 Paste ব্যৱহাৰ কৰক। |
| Install কৰাৰ সময়ত "Windows protected your PC" বা Antivirus এ Virus/Threat বুলি ধৰে | App টো সঁচাকৈ virus নহয় — Microsoft signing certificate নথকাৰ বাবেহে হয়। সবিশেষ পদক্ষেপৰ বাবে Installation Guide ৰ "Windows / Antivirus সতৰ্কবাণী" অংশ চাওক। |
| Install কৰাৰ সময়ত Blue Screen (BSOD) আহে | Restart কৰক, Windows Update কৰক, Antivirus সাময়িকভাৱে বন্ধ কৰি পুনৰ চেষ্টা কৰক। সবিশেষ জানিবৰ বাবে Installation Guide চাওক; নাথাকিলে Error code লৈ Support ক জনাওক। |
💬 যোগাযোগ ও সহায় · Contact & Support
কিবা সমস্যা বা প্ৰশ্ন থাকিলে আমাৰ লগত যোগাযোগ কৰক:
| মাধ্যম | ঠিকনা |
|---|---|
| Website | www.axomlipipro.com |
| [email protected] | |
| ফোন / WhatsApp | +91 93656 70356 |
AxomLipi Pro — অসমীয়া, বেংগলী টাইপিঙৰ সম্পূৰ্ণ সমাধান · © 2026 AxomLipi Pro. সৰ্বস্বত্ব সংৰক্ষিত।